ETV Bharat / bharat

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ’ব CAA !

Implementation Of CAA : লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ’ব নেকি নাগৰিকত্ব (সংশোধনী) আইনখন ! এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ কা’ সম্পৰ্কীয় মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া গৃহ বিভাগৰ ৷

citizenship amendment act would be implemented across india within a week
দেশত শীঘ্ৰে বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 9:13 AM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 30 জানুৱাৰী : 2019 ত নাগৰিকত্ব (সংশোধনী) আইন সংসদত গৃহীত হৈছিল ৷ কিন্তু নীতি-নিয়মৰ দোহাই দি সমগ্ৰ দেশতে বলবৎ হোৱা নাছিল নাগৰিকত্ব (সংশোধনী) আইনখন ৷ লোকসভা নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধনী) আইনখন কাৰ্যকৰী কৰা হ’ব বুলি প্ৰকাশ পাইছে ৷

এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে কৈছিল, "এসপ্তাহৰ ভিতৰত সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী কৰা হ'ব ৷’’ মন্ত্ৰী শান্তনু ঠাকুৰে দেওবাৰে পশ্চিমবংগৰ দক্ষিণ 24 পৰগণাৰ এখন ৰাজহুৱা সভাত চি(এ)এ কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰিছিল ৷ তাৰ পাচতে মন্ত্ৰীগৰাকীৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহ বিভাগৰ চৰকাৰী বিষয়াই ৷ বিষয়াজনে কয়, "চি (এ) এ ৰূপায়ণৰ বাবে কোনো সঠিক সময়সীমা নিৰ্ধাৰণ কৰা নাই । অৱশ্যে, লোকসভা নিৰ্বাচনৰ আগতে যিকোনো সময়তে ইয়াক কাৰ্যকৰী কৰা হ'ব পাৰে ৷’’

গৃহ মন্ত্ৰালয়ৰ চৰকাৰী বিষয়াজনে কয়, ‘‘লোকসভাত অধীনস্থ আইনৰ সংসদীয় সমিতিয়ে নাগৰিকত্ব (সংশোধনী) আইন ৰূপায়ণৰ বাবে নিয়ম প্ৰস্তুত কৰাৰ বাবে গৃহ মন্ত্ৰালয়ক আন এক গোট গঠন কৰা হৈছে । 2019 চনৰ নাগৰিকত্ব (সংশোধনী) আইনৰ নিয়মসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সাজু হৈ আছে আৰু লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ইয়াৰ সম্পৰ্কে জাননী দিয়া হ'ব পাৰে।’’

বিষয়াজনৰ মতে, নিয়মবোৰ সাজু আৰু অনলাইন পৰ্টেলটো আছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন যোগে হ'ব । আবেদনকাৰীসকলে ভ্ৰমণ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ বছৰটো ঘোষণা কৰিব লাগিব । অধীনস্থ আইনৰ দ্বাৰা পূৰ্বে দিয়া অন্তিম সম্প্ৰসাৰণৰ ম্যাদ 9 জানুৱাৰীত উকলি গৈছিল ।

বিষয়াজনে কৈছিল, ‘‘সম্প্ৰসাৰণটো কেৱল এটা প্ৰক্ৰিয়াগত আনুষ্ঠানিকতা যিহেতু অন্তিম সম্প্ৰসাৰণটো মঙলবাৰে উকলি গৈছিল। "চি.এ.এ.-ৰ নিয়মবোৰ প্ৰকৃততে জাননী নোপোৱালৈকে এনে সম্প্ৰসাৰণ প্ৰয়োজনীয় আছিল ৷ আবেদনকাৰীসকলৰ পৰা কোনো নথি বিচৰা নহ'ব ৷’’

উল্লেখ্য যে, চি এ এ 2019ৰ 11 ডিচেম্বৰত গৃহীত হৈছিল ৷ একে বছৰৰ 12 ডিচেম্বৰত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছিল ৷

লগতে পঢ়ক : এসপ্তাহৰ ভিতৰত বংগকে ধৰি সমগ্ৰ দেশতে কা' কাৰ্যকৰী হ'ব: শান্তনু ঠাকুৰ