ETV Bharat / politics

এসপ্তাহৰ ভিতৰত বংগকে ধৰি সমগ্ৰ দেশতে কা' কাৰ্যকৰী হ'ব: শান্তনু ঠাকুৰ

Shantanu Thakur on CAA implement: লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দেশত পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ উত্থাপন হৈছে । কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে দাবী কৰা মতে ৭ দিনৰ ভিতৰত দেশত কা' কাৰ্যকৰী কৰা হ'ব । পশ্চিমবংগত কৰা মন্তব্যৰ পাছতে দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Shantanu Thakur on CAA
এসপ্তাহৰ ভিতৰত বংগকে ধৰি সমগ্ৰ দেশতে কা' কাৰ্যকৰী হ'ব
author img

By ETV Bharat Assamese Team

Published : January 29, 2024 at 1:04 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী : '৭ দিনৰ ভিতৰত সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ'ব ।' এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ ২৪ পৰগণাৰ কাকদ্বীপত এক ৰেলী সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ভাষণত তেওঁ কয় যে এই আইন কেৱল পশ্চিমবংগতে নহয় সমগ্ৰ দেশতে কাৰ্যকৰী হ'বলৈ গৈ আছে ।

শান্তনু ঠাকুৰে তেওঁৰ ভাষণত গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভাষণৰ কথাও উল্লেখ কৰে য'ত শ্বাহে কৈছিল যে নাগৰিকত্ব সংশোধনী আইন হৈছে 'দেশৰ আইন' আৰু ইয়াক যিকোনো পৰিস্থিতিত কাৰ্যকৰী কৰা হ'ব, কোনেও ইয়াক বাধা দিব নোৱাৰে । একে সময়তে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে বিজেপিয়ে দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।

কাকদ্বীপত এই ৰেলী সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাম মন্দিৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে । অহা সাত দিনৰ ভিতৰত ভাৰতত কা' কাৰ্যকৰী হ'ব । পশ্চিমবংগকে ধৰি প্ৰতিখন ৰাজ্যতে কা' কাৰ্যকৰী কৰা হ'ব । পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি তেওঁ কয় যে এই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি আপোনাৰ ভোটাৰ কাৰ্ড আছে, যদি আপোনাৰ আধাৰ আছে, আপুনি এগৰাকী নাগৰিক । আপুনি ভোট দিব পাৰে, আপুনি ভোট দিবলৈ যোগ্য এগৰাকী নাগৰিক । কিন্তু তেওঁৰ মতে ৰাজ্যখনত হাজাৰ হাজাৰ লোক ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে যে সেই লোকসকলক ভোটদানৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰা হৈছিল । তেওঁৰ মতে সেই লোকসকল মাতুৱা সম্প্ৰদায়ৰ । তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক । সেয়েহে তেওঁলোকক ভোটাৰ কাৰ্ড দিয়া হোৱা নাছিল বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে ।

লগতে পঢ়ক :ইণ্ডি এলায়েন্স সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছে: জে পি নাড্ডা