ETV Bharat / politics

ইণ্ডি এলায়েন্স সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছে: জে পি নাড্ডা

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 9:16 PM IST

Nitish Kumar Oath Ceremony: নীতিশ কুমাৰে এন ডি এত যোগদান কৰাৰ লগে লগে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত উৎসাহিত হৈ পৰিছে বিজেপি নেতাসকল । দলটোৱে ৪০খন আসনৰ আটাইকেইখনতে জয়ী হোৱাৰ দাবী কৰিছে । ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো নীতিশ কুমাৰৰ প্ৰৱেশক লৈ সুখ প্ৰকাশ কৰিছে ।

Nitish Kumar Oath Ceremony
এন ডি এত নীতিশ কুমাৰৰ প্ৰৱেশক লৈ সুখ প্ৰকাশ জে পি নাড্ডাৰ

নিউজ ডেস্ক, 28 জানুৱাৰী : নৱমবাৰৰ বাবে দেওবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে ৷ এন ডি এৰ সৈতে তেওঁ চৰকাৰ গঠন কৰে ৷ দেওবাৰে অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও উপস্থিত থাকে ৷ নীতিশ আৰু নাড্ডাই ইজনে সিজনক উষ্ম আদৰণি জনায় ৷

‘নীতিশ কুমাৰ এন ডি এলৈ অহাটো বিহাৰৰ বাবে সুখকৰ’ : শপতগ্ৰহণৰ পিছত সাংবাদমেল সম্বোধন কৰে জে পি নাড্ডাই ৷ সংবাদমেলত তেওঁ কয় যে 'নীতিশ কুমাৰ এন ডি এলৈ ঘূৰি আহিছে, আমাৰ সকলোৰে বাবে আনন্দৰ বিষয় ৷ নীতিশ কুমাৰ এন ডি এলৈ ঘূৰি অহাটো বিহাৰৰ উন্নয়নৰ বাবে এক সুখবৰ ৷'

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয়, "এয়া ৰেকৰ্ড আছে যে যেতিয়াই এন ডি এ চৰকাৰ ক্ষমতালৈ আহিছে, তেতিয়াই বিহাৰৰ উন্নয়নৰ গতিবেগে নতুন জাঁপ মাৰিছে ৷ আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য বা আইন-শৃংখলাৰ ক্ষেত্ৰই হওক, এন ডি এৰ কাৰ্যকালত বিহাৰে সদায় অগ্ৰগতি লাভ কৰি আহিছে ৷''

'নতুন চৰকাৰ বিহাৰক সম্পূৰ্ণ শক্তিৰে আগুৱাই নিবলৈ সক্ষম' : জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এই বিহাৰত লোকসভা নিৰ্বাচনত জয়লাভ কৰিব আৰু বিধানসভা নিৰ্বাচনতো এন ডি এ চৰকাৰ নিশ্চিতভাৱে গঠন হ'ব ৷ বিহাৰত গঠিত এন ডি এ চৰকাৰ, এই ডাবল ইঞ্জিন চৰকাৰে সম্পূৰ্ণ শক্তিৰে বিহাৰক আগুৱাই নিব পাৰিব ৷ ইয়াৰ সমান্তৰালকৈ ই ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ মন্ত্ৰৰে আগবাঢ়িব ৷

বিৰোধী মিত্ৰজোঁটক আক্ৰমণ : জে পি নাড্ডাই কয় যে ইণ্ডি মিত্ৰজোঁট সম্পূৰ্ণৰূপে বিফল হৈছে ৷ মমতা বেনাৰ্জীয়ে বংগত এই মিত্ৰতা বিভাজন কৰিছে ৷ পঞ্জাৱত কি হৈছে সকলোৱে জানে ৷ বিহাৰত যি ঘটিছে সেয়াই স্পষ্টকৈ দেখুৱাইছে যে ইণ্ডি মিত্ৰজোঁট সম্পূৰ্ণৰূপে বিভাজিত হৈছে ৷ এই মিত্ৰতা হৈছে পৰিয়াল ৰক্ষাৰ মিত্ৰতা, সম্পত্তি ৰক্ষাৰ মিত্ৰতা ৷ দুৰ্নীতিৰ সমাৱেশ, তুষ্টিকৰণৰ প্ৰচাৰ কৰাসকলৰ সমাৱেশ ৷

মুখ্যমন্ত্ৰী আৰু শপত লোৱা মন্ত্ৰীসকলক অভিনন্দন : বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে নাড্ডাই পুনৰ নীতিশ কুমাৰক অভিনন্দন জনায় ৷ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, বিজয় কুমাৰ সিনহাকে ধৰি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰে ৷ তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত নীতিশ কুমাৰৰ চৰকাৰে এখন উন্নত আৰু স্বাৱলম্বী বিহাৰৰ সংকল্প উপলব্ধি কৰিব বুলি সম্পূৰ্ণ বিশ্বাস আছে ৷

লগতে পঢ়ক : পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ নীতিশ কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.