জনজাতিকৰণক লৈ প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 2:26 PM IST

thumbnail

মৰাণ, 4 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰসংগ । শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেয়া কাৰ্যকৰী নকৰিলে বুলি অভিযোগ উত্থাপন কৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে ।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । দেওবাৰে অসমত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে । 2014 চনতেই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি আজিও কাৰ্যকৰী নকৰাৰ উত্তৰ লাগে টাই আহোম যুৱ পৰিষদ, অসমক ।

জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ নকৰি কিমান প্ৰতাৰণা কৰিব বুলি লৈ প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ।

লগতে পঢ়ক : আজি 11599 কোটি টকাৰ আধাৰশিলা-উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.