ETV Bharat / state

আজি 11599 কোটি টকাৰ আধাৰশিলা-উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:37 AM IST

Updated : Feb 4, 2024, 11:08 AM IST

PM Modi assam visit ahead of loksabha poll 2024 : 11.30 বজাত খানাপাৰাৰ জনসমুদ্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰিব ভাষণ ৷ 11,599 কোটি টকাৰ আধাৰশিলা-উদ্বোধন কৰিব মোদীয়ে । পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খানাপাৰালৈ সোঁত বোৱা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ লোকৰ । কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে গুৱাহাটীৰ ৰাজপথ জনশূন্য হৈ পৰিছে ৷

pm MOdi will adress public in khanapara today
সাংস্কৃতিক কাৰ্যসূচীৰে মোদীক আদৰণি

গুৱাহাটী, 4 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব । পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খানাপাৰালৈ সোঁত বোৱা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ লোকৰ ।

দুপৰীয়া 11.30 বজাত প্ৰধানমন্ত্ৰীয়ে বিশাল জনসভাখনত ভাষণ আগবঢ়াব । প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে মুঠ 11,599 কোটি টকাৰ বিভিন্ন কেন্দ্ৰ আৰু অসম চৰকাৰৰ প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব ৷ প্রধানমন্ত্রীৰ আজিৰ এই জনসভা স্থলীত উদ্বোধন নাইবা আধাৰশিলা কৰিবলগীয়া প্ৰকল্পৰ ভিতৰত 498 কোটি টকাৰ ব্যয় সাপেক্ষে 'পিএম ডিভাইন' আঁচনিৰ অধীনৰ কামাখ্যা কৰিড’ৰৰ আধাৰশিলা স্থাপন অন্যতম । এই প্ৰকল্পৰ ধনৰাশি কেন্দ্রীয় চৰকাৰে বহন কৰিব যদিও মাটি অধিগ্রহণৰ ক্ষতিপূৰণৰ বহন কৰিব ৰাজ্য চৰকাৰে ৷

এই সভাতে প্রধানমন্ত্রী মোদীয়ে কপৌ ফুলৰ আর্হিত নির্মীয়মান গুরাহাটী বিমান বন্দৰৰ নতুন টার্মিনেল সংযোগী 6 লেনযুক্ত নতুন পথেৰো আধাৰশিলা স্থাপন কৰিব । লগতে প্রধানমন্ত্রীয়ে অসম মালাৰ দ্বিতীয় সংস্কৰণ হিচাপে 3444 কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া 43 টা পথ আৰু 38 খন দলঙৰো আধাৰশিলা স্থাপন কৰিব । প্রধানমন্ত্রীয়ে 325 কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া জিএমচি এইচৰ নতুন বিল্ডিঙৰ লগতে 83 কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া অত্যাধুনিক নেহক ষ্টেডিয়ামৰ নির্মাণৰো আধাৰশিলা স্থাপন কৰিব ।

আনহাতে, প্রধানমন্ত্রীয়ে বৰাকৰ ৰাতাবাৰীত নির্মাণ হ'বলগীয়া কৰিমগঞ্জ মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ লগতে মণিৰাম ট্রেড চেন্টাৰৰ ইউনিটি মলৰ আধাৰশিলা স্থাপন কৰিব । সম্পূর্ণ ভাৰত চৰকাৰৰ অর্থ সাহায্যত মণিৰাম ট্রেড চেন্টাৰৰ ইউনিটি মলৰ সম্পূৰ্ণ ব্যয় কেন্দ্ৰ চৰকাৰে ব্যয় কৰিব ৷ 297 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব এই ইউনিটি মল । জনসমাৱেশত ভাগ লোৱাৰ পিছতেই দুপৰীয়া 1.30 বজাত প্রধানমন্ত্রী ৰাষ্ট্রীয় ঘাইপথেৰে উভতি যাব ।

শনিবাৰে সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ভাৰতীয় বায়ু সেনা বাহিনীৰ অত্যাধুনিক বিমানেৰে আহি গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত অৱতৰণ কৰে । ওড়িশাত একাধিক চৰকাৰী কার্যসূচীত ভাগ লৈ প্রধানমন্ত্রী অসমত উপস্থিত হয় । বিমান বন্দৰতে প্রধানমন্ত্রীক ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আদিয়ে আদৰণি জনায় ৷ বিমান বন্দৰৰ পৰা মালিগাঁও হৈ কইনাধৰালৈ অহা পথৰ দুয়ো কাষে বিভিন্ন লোকে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা দেখিবলৈ পোৱা গ’ল ৷

আজি কোটি টকাৰ আধাৰশিলা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

খানাপাৰাৰ সভাথলীত বিজেপি নেতা-কৰ্মীয়ে সন্ধিয়া লক্ষাধিক বন্তি জ্বলায় ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীত দেখা গৈছে নিছিদ্ৰ নিৰাপত্তা বেষ্টনী । পুৱাৰে পৰা সভাথলীলৈ অসমৰ বিভিন্ন প্ৰান্তৰৰ লোকসকল অহাৰ বিপৰীতে গুৱাহাটীৰ ৰাজপথ প্ৰায় জনশূন্য দেখা গৈছে ৷

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ৷ আজি খানাপাৰাৰ জনসমাৱেশত ৰাইজক উদ্দেশ্যি প্ৰদান কৰিবলগীয়া প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী

Last Updated : Feb 4, 2024, 11:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.