নলবাৰীত ভাৰত জোড়ো ন্যায় যাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 8:07 PM IST

thumbnail

নলবাৰী, ২৩ জানুৱাৰী : আজি দশম দিনত ভৰি দিছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ ন্যায় যাত্ৰা গুৱাহাটীত প্ৰৱেশ কৰাৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কংগ্ৰেছ নেতা-কৰ্মীসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰে । ইয়াৰ পিচতে নলবাৰী জিলাৰ কুৰিহাত প্ৰবেশ কৰাৰ লগে লগে উষ্ম আদৰণি জনায় ৰাহুল গান্ধীক ।  

আজি গুৱাহাটী-হাজো হৈ নলবাৰী জিলাৰ কুৰিহাত প্ৰবেশ কৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই । কুৰিহাৰ পৰা মুকালমুৱা হৈ দৌলাশালৰ পৰা বৰপেটা জিলাত প্ৰবেশ কৰে ভাৰত জোড়ো ন্যায় যাত্ৰাই । ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীত নলবাৰী জিলাৰ অসংখ্য কংগ্ৰেছ নেতা কৰ্মীয়ে ৰেলি উলিয়াই । স্থানীয় বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ভাৰত জোড়ো যাত্ৰা ন্যায় যাত্ৰা কাৰ্যসূচীত ।

লগতে পঢ়ক:ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.