সম্পূৰ্ণ ভাৰত ভ্ৰমণৰ উদ্দেশ্যৰে মাজুলী পালেহি বেংগালুৰুৰ এজন যুৱক

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 5:25 PM IST

thumbnail

মাজুলী,২ ফেব্ৰুৱাৰী: আমাৰ দেশৰে এজন যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা । সপোন পূৰণৰ বাবে কেৱল এখন স্কুটী লৈয়ে ঘূৰি ফুৰিছে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ । বেংগালুৰুৰ KGF নামৰ গাঁওখনৰ দিবাকৰ ৰেড্ডী নামৰ যুৱকজনে সৰুৰ পৰা সপোন আছিল সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ । সেইবাবে তেওঁ লক্ষ্য পূৰণৰ বাবে অগ্ৰসৰ হৈ কেৱল এখন স্কুটী লৈয়ে আৰম্ভ কৰিলে তেওঁৰ যাত্ৰা । তেওঁৰ সপোন দুই লাখতকৈও অধিক কিলোমিটাৰ ভ্ৰমণেৰে বিশ্ব অভিলেখ গঢ়াৰ ।  

বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰি দেশৰ ২৮ খন ৰাজ্যৰ ৮০৬ খন জিলা ভ্ৰমণ কৰিব যুৱকজনে । বৰ্তমান ৯৩ দিনত ১৪ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিছে তেওঁৰ যাত্ৰাই । যুৱকজন বৰ্তমান মাজুলীত । মাজুলীৰ পৰিৱেশত আপ্লুত হৈ পৰে যুৱকজন । দুবছৰৰ ভিতৰত ভ্ৰমণ সম্পূৰ্ণ কৰাৰ আশা প্ৰকাশ কৰে যুৱকজনে । পূৰ্বেও তেওঁ ভাৰতৰ লগতে ভাৰতৰ বাহিৰলৈও একমাত্ৰ তেওঁৰ Honda Dio স্কুটীখন লৈ ভ্ৰমণ কৰিছিল উল্লেখ কৰে । তেওঁক আৰ্থিকভাৱে অন্যথা বিভিন্ন ধৰণে সহায় কৰিব বিচাৰিলে ৯৯৮৬০২৬৩৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে । 

লগতে পঢ়ক: অসম সাহিত্য সভাৰ একাদশ বিশেষ অধিৱেশনৰ তৃতীয়টো দিন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.