বাঘবৰৰ মৌৰী গাঁৱত শিশু হত্যা, বকোস্থিত কিশোৰ নিৰীক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ অভিযুক্তক

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 10:24 PM IST

Updated : Jan 31, 2024, 4:13 PM IST

thumbnail

বৰপেটা, ৩০ জানুৱাৰী : বাঘবৰৰ মৌৰী গাঁৱৰ শিশু হত্যাৰ ঘটনা সন্দৰ্ভত বৰপেটা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকাই উল্লেখ কৰা মতে, ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক ৷ অভিযুক্তক হত্যাকাৰী ১৮ বছৰ তলৰ ৷ জানিব পৰা মতে, অভিযুক্তক মেট্ৰিক পৰীক্ষাৰ্থী ৷

ছয় বছৰীয়া কন্যা শিশুটিক যৌন আতিশয্য চলাই হত্যা কৰিছিল অভিযুক্তই ৷ কন্যা শিশুটিক হত্যা কৰি নিজৰ ঘৰৰেই চোতালতে এটা বস্তাৰ ভিতৰত ভৰাই পেলাই থৈছিল অভিযুক্তই ৷ আৰক্ষীৰ জেৰাত এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে অভিযুক্তটোৱে ৷

আনকি আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা সজুঁলিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ অভিযুক্তৰ বিৰুদ্ধে বাঘবৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/২০১ আৰু ৬ অফ পকচো ধাৰাৰ অধীনত ০৮/ ২০২৪ নম্বৰত ৰজু কৰা হৈছে গোচৰ ৷

মঙলবাৰে বৰপেটাৰ আদালতত অভিযুক্তক হাজিৰ কৰোৱাৰ পিচত আদালতে অভিযুক্তটোক বকোস্থিত কিশোৰ নিৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : বস্তাৰ ভিতৰত উদ্ধাৰ ছয় বছৰীয়া শিশুৰ মৃতদেহ

Last Updated : Jan 31, 2024, 4:13 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.