বস্তাৰ ভিতৰত উদ্ধাৰ ছয় বছৰীয়া শিশুৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 4:40 PM IST

thumbnail

বৰপেটা, ২৯ জানুৱাৰী: বৰপেটা জিলাৰ বাঘবৰৰ মৌৰীগাঁৱত শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ বস্তাৰ ভিতৰত উদ্ধাৰ হয় এটা ছয় বছৰীয়া শিশুৰ মৃতদেহ ৷ মৃত শিশুটো কন্যা শিশু বুলি জানিব পৰা গৈছে ৷ মৌৰীগাঁৱৰ তাৰিফ উদ্দিন ওৰফে টিপু নামৰ লোকজনৰ ঘৰৰ চোতালত উদ্ধাৰ কৰা হয় মৃতদেহটো । জানিব পৰামতে, বিগত পাঁচদিন ধৰি নিৰুদ্দেশ হৈ আছিল শিশুটো । 

কণমানিটিৰ মূৰ আৰু হাতত আঘাতৰ চিন পৰিলক্ষিত হৈছে ৷ এই ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত বৰপেটা জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসহ দণ্ডাধীশ উপস্থিত হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিশুটোৰ মৃতদেহটো বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰিছে । ইতিমধ্য়ে তাৰিফ উদ্দিন ওৰফে টিপু সহ টিপুৰ পৰিয়ালৰ সদস্যক আৰক্ষীয়ে আটক কৰিছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি 3 বজাৰ পৰা ঘৰৰ সন্মুখৰ পথৰ পৰা সন্ধানহীন হৈ পৰিছিল শিশুটি ৷ শিশুটো সন্ধানহীন হোৱাক লৈ শুকুৰবাৰে মন্দিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ৷ আৰক্ষীয়ে SDRF ৰ সহযোগত ওচৰৰ সকলো পুখুৰীত শিশুটিক বিচাৰি অনুসন্ধান চলোৱাৰ লগতে ঘটনাটোক লৈ তদন্ত চলাই আছিল ৷ ইয়াৰ মাজতে আজি ৰহস্যজনকভাৱে শিশুটোৰ মৃতদেহ উদ্ধাৰ হয় ৷ 

লগতে পঢ়ক: আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাং চিকাৰী জগুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.