কাছাৰৰ জয়নগৰত বাহন দুৰ্ঘটনাগ্ৰস্ত জব্দ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 12:26 PM IST

thumbnail

শিলচৰ, ১০ ফেব্ৰুৱাৰী: কাছাৰৰ অব্যাহত বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা । আৰক্ষীৰ চকুত ধূলি মাৰি মাফিয়া সকলে এতিয়া বাৰ্মিজ চুপাৰি সৰবৰাহ কৰিছে ব্যক্তিগত বিলাসী বাহনত । ইয়াৰ মাজতেই শুক্ৰবাৰে কাছাৰৰ বৰখলা জয়নগৰত বাৰ্মিজ চুপাৰি সৰবৰাহ কৰা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয় । এই বাহনখনত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰি ।  

কালি কাছাৰৰ বৰখলা জয়নগৰত বাৰ্মিজ চুপাৰি  কঢ়িয়াই অনা বাহন এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত এই কথা পুনৰ প্ৰমাণ হৈছে । উল্লেখ্য় যে বাৰ্মিজ চুপাৰি বোজাই কৰা বাহনখন দ্ৰুতগতিত শিলচৰৰ পৰা কালাইন অভিমুখে যোৱাৰ সময়ত বৰখলা জয়নগৰ অঞ্চলত এখন বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয় । ফলত ৰাজপথত বাগৰি পৰে চুপাৰিভৰ্তি বাহনখন ।  

ইপিনে, দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহন এৰি সেই স্থানৰ পৰা পলায়ন কৰে সৰবৰাহকাৰী সকলে । পিচত এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা বুজন পৰিমাণৰ চুপাৰি উদ্ধাৰ কৰে । লগতে বাহনখন জব্দ কৰি থানালৈ লৈ যায় ।

লগতে পঢ়ক: বাৰ্মিজ চুপাৰি ভৰ্তি ব্যক্তিগত বাহন জব্দ; গ্ৰেপ্তাৰ 7 সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.