কাছাৰৰ জয়নগৰত বাহন দুৰ্ঘটনাগ্ৰস্ত জব্দ - জয়নগৰত বাৰ্মিজ চুপাৰি জব্দ

🎬 Watch Now: Feature Video

thumbnail
অবৈধ বাৰ্মিজ চুপাৰি জব্দ (undefined)

By ETV Bharat Assamese Team

Published : February 10, 2024 at 12:26 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, ১০ ফেব্ৰুৱাৰী: কাছাৰৰ অব্যাহত বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা । আৰক্ষীৰ চকুত ধূলি মাৰি মাফিয়া সকলে এতিয়া বাৰ্মিজ চুপাৰি সৰবৰাহ কৰিছে ব্যক্তিগত বিলাসী বাহনত । ইয়াৰ মাজতেই শুক্ৰবাৰে কাছাৰৰ বৰখলা জয়নগৰত বাৰ্মিজ চুপাৰি সৰবৰাহ কৰা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয় । এই বাহনখনত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰি ।  

কালি কাছাৰৰ বৰখলা জয়নগৰত বাৰ্মিজ চুপাৰি  কঢ়িয়াই অনা বাহন এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত এই কথা পুনৰ প্ৰমাণ হৈছে । উল্লেখ্য় যে বাৰ্মিজ চুপাৰি বোজাই কৰা বাহনখন দ্ৰুতগতিত শিলচৰৰ পৰা কালাইন অভিমুখে যোৱাৰ সময়ত বৰখলা জয়নগৰ অঞ্চলত এখন বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয় । ফলত ৰাজপথত বাগৰি পৰে চুপাৰিভৰ্তি বাহনখন ।  

ইপিনে, দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহন এৰি সেই স্থানৰ পৰা পলায়ন কৰে সৰবৰাহকাৰী সকলে । পিচত এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা বুজন পৰিমাণৰ চুপাৰি উদ্ধাৰ কৰে । লগতে বাহনখন জব্দ কৰি থানালৈ লৈ যায় ।

লগতে পঢ়ক: বাৰ্মিজ চুপাৰি ভৰ্তি ব্যক্তিগত বাহন জব্দ; গ্ৰেপ্তাৰ 7 সৰবৰাহকাৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details