ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত বি এড কলেজৰ শুভাৰম্ভণী মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:45 PM IST

thumbnail

চতিয়া, ২৭ জানুৱাৰী: শুক্ৰবাৰে নিশা জামুগুৰিহাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি আইন মহাবিদ্যালয় উদ্বোধনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইয়াৰ পাছত দিনৰ ১২ বজাত জামুগুৰিহাটৰ কুসুমটোলাৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত এন চি চি কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰে । নদুৱাৰ সমষ্টিৰ জামুগুৰিহাট ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়খনত বি ইন্টিগ্ৰেটেড বি এড কলেজ মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অন্তৰংগ আলাপত অংশগ্ৰহণ কৰে ।  

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়খনৰ অন্তঃগাঁথনিৰ বুজ লয় ৷ তেওঁ মহাবিদ্যালয়খনৰ গাৰ্লছ কলেজৰ অন্তঃগাঁথনিৰ বাবে ১ কোটি ২০ টকা দিয়াৰ কথা ঘোষণা কৰে । লগতে মহাবিদ্যালয়ত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ২ কোটি টকা দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । 

লগতে পঢ়কTyagbir Hem Baruah College: বজাৰত মুকলি ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত নিজাববীয়াকৈ উৎপাদিত মৌ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.