Tyagbir Hem Baruah College: বজাৰত মুকলি ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত নিজাববীয়াকৈ উৎপাদিত মৌ

author img

By

Published : May 24, 2023, 10:47 PM IST

Assam college runs Honey Production

বজাৰত মুকলি ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ নিজাববীয়াকৈ উৎপাদিত মৌ ৷ আজি মৌ নিষ্কাশন, বিশুদ্ধিকৰণ আৰু পেকেজিঙ সন্দৰ্ভত মহাবিদ্যালয়ৰ সন্মিলন কক্ষত এখনি কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাখনৰ অন্তত মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাই নতুন ব্ৰেণ্ডৰ মৌ বজাৰলৈ মুকলি কৰে (Assam college runs Honey Production) ৷

তেজপুৰ, 24 মে' : আজি আন এটা ঐতিহাসিক দিন ৰূপে চিহ্নিত হৈছে অসমৰ উত্তৰ পাৰৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ বাবে ৷ মহাবিদ্যালয়খনিৰ নিজা চাহ, নেমু, কলৰ বাগিচা স্থাপন আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনিয়ে নিজাববীয়াকৈ 'গ্ৰীণ টি' প্ৰস্তকৰণৰ পিছত আজি মহাবিদ্যালয়ৰ চৌহদত 200 গ্ৰামৰ বটলত নিজাববীয়াকৈ উৎপাদিত মৌ মুকলি কৰে ৷ ইয়াৰ পূৰ্বে 'মৌ নিষ্কাশন, বিশুদ্ধিকৰণ আৰু পেকেজিঙ' সন্দৰ্ভত মহাবিদ্যালয়ৰ সন্মিলন কক্ষত এখনি কৰ্মশালা অনুষ্ঠিত হয় (Honey Production at Tyagbir Hem Baruah College) ৷

এই কৰ্মশালাখনৰ অন্তত মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাই নতুন ব্ৰেণ্ডৰ মৌ বজাৰলৈ মুকলি কৰে ৷ ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ সহযোগত অনুষ্ঠিত কৰ্মশালাখনিত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে (Tyagbir Hem Baruah College) ৷

উল্লেখ্য যে, মহাবিদ্যালয়খনে ইতিমধ্যে কৃষি আধাৰিত দক্ষতা আৰু উদ্যোগৰ বিকাশত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে সহযোগিতা মূলকভাৱে কাম কৰাৰ বাবে কন্যকাৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে ৷ এই অনুষ্ঠান উদ্বোধন কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই কয় যে, মহাবিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে কন্যাকাৰ সৈতে কেইবাটাও কৰ্মশালাৰ আয়োজন কৰি আহিছে আৰু গো পালন, মৌ পালন আদিৰ দৰে বিভিন্ন কৃষি ভিত্তিক বৃত্তি সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুপ্ৰেৰণাৰ সৃষ্টি কৰি আহিছে ৷ তেওঁ লগতে আশা কৰে যে, এনে পদক্ষেপে আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন কৃষি আধাৰিত ব্যৱসায়ৰ সৈতে জড়িত হোৱাত উৎসাহিত কৰিব (Assam college runs Honey Production) ৷

কন্যাকাৰ হৈ নিৰজ হাজৰিকাই বক্তব্য ৰাখি কয় যে, মহাবিদ্যালয়খনে বৃহত্তৰ নদুৱাৰ অঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু তেওঁলোকৰ সহযোগিতামূলক কাৰ্যকলাপে নিশ্চিতভাৱে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত উদ্যোগী মনোভাৱ বিকাশৰ বাবে এক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব ৷ কৰ্মশালাৰ অন্তত শিক্ষাৰ্থীসকলক মৌ বিশুদ্ধকৰণ আৰু পেকেজিঙৰ ওপৰত এক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

আভন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক সুমন্ত ৰাজবংশীয়ে পৰিচালনা কৰা এই কাৰ্যসূচীত গণিত বিভাগৰ মুৰব্বী অধ্যাপক ড৹ নৱজ্যোতি হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায় ৷ অনুষ্ঠানৰ অন্তত মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাই মহাবিদ্যালয়খনৰ ব্ৰেণ্ডত 50 লিটাৰ মৌ বজাৰত বিক্ৰীৰ মুকলি কৰি দিয়াৰ লগতে এই মৌ বজাৰত সুলভ হৈ পৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: History of Assam tea: আজিও অৱহেলিত অসমৰ চাহৰ উদ্ভাৱক চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.