মহিলাৰ পৰা ধন চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত দুই চোৰ

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 1:28 PM IST

thumbnail

কাছাৰ, ২ ফেব্ৰুৱাৰী: কাছাৰৰ উধাৰবন্দত চাঞ্চল্যকৰ ঘটনা । ATM ৰ পৰা এগৰাকী মহিলাৰ ধন চুৰিৰ চেষ্টা চলাওঁতেই ৰাইজৰ হাতত আটক হয় দুই ATM চোৰ । ধৃত দুই চোৰ কাছাৰৰ তাৰাপুৰ চাহ বাগিচাৰ চিৰাজুল হক আৰু বাবুৰ আলী বুলি জানিবপৰা গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, আলো খাতুন নামৰ এগৰাকী মহিলাই উধাৰবন্দ বজাৰত থকা ATM ৰ পৰা ধন সংগ্ৰহ কৰাৰ সময়তে ধৃত দুই চোৰে অতি কৌশলেৰে মহিলা গৰাকীৰ ATM কাৰ্ড বদলি কৰি লয় । মহিলাগৰাকীয়ে এই বিষয় অৱগত হোৱাৰ পাচত চিঞৰ-বাখৰ কৰে ৷ তেতিয়া উক্ত স্থানত স্থানীয় লোক উপস্থিত হৈ ATM কাউন্টাৰৰ ভিতৰতে দুই চোৰক আটক কৰে ।

ইমানতে ক্ষান্ত নাথাকি কাউন্টাৰৰ ভিতৰত দুই চোৰক উত্তেজিত ৰাইজে লপাথপা দিয়ে । ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উধাৰবন্দ আৰক্ষী উপস্থিত হৈ দুই চোৰক আটক কৰি থানালৈ লৈ যায় । ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে উধাৰবন্দ আৰক্ষী চকীত ৰুজু কৰিছে এক গোচৰ ।

লগতে পঢ়ক: মন্দিৰত চুৰিকাণ্ড, দেৱ-দেৱীৰ প্ৰতিমা ভাঙি চূৰমাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.