প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ৰাজীৱ ভৱনৰ সন্মূখ

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:47 PM IST

thumbnail

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী: বিজেপি চৰকাৰৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানক্ৰমে সমগ্ৰ দেশৰ লগতে অসমতো শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মূখত প্ৰদেশ যুৱ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি দল তথা চৰকাৰে ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে পুঁজিপতিৰ পৰা লোৱা নিজৰ বৃহৎ অংকৰ ধনৰ তথ্য লুকুৱাই অন্য দলৰ বেংক একাউণ্টৰ ওপৰত আৰম্ভ কৰা আক্ৰোশমূলক ব্যৱস্থাৰ প্ৰতিবাদত প্ৰদেশ যুৱ কংগ্ৰেছে বিক্ষোভ প্ৰদৰ্শন কৰে ।

বিজেপিৰ এই চক্ৰান্তৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনায় প্ৰতিবাদীকাৰীসকলে । বিজেপি দলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক মানি ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে লোৱা বৃহৎ অংকৰ ধনৰ উৎস ৰাজহুৱা নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি প্ৰদেশ যুৱ কংগ্ৰেছে সদৰী কৰে ।

প্ৰতিবাদীকাৰীসকলে কয় যে এই সংকটজনক সময়ত সকলো একত্ৰিত হৈ প্ৰতিবাদ কৰাটো অতি প্ৰয়োজনীয় । বিজেপি দল আৰু চৰকাৰৰ অন্যায় তথা অগণতান্ত্ৰিক পদক্ষেপৰ বিৰুদ্ধে এই প্ৰতিবাদ বুলি প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতৃত্বই মন্তব্য কৰে । প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে ৰাজীৱ ভৱনৰ সন্মূখ । আৰক্ষীয়ে বেৰিকেড দি প্ৰতিবাদকাৰীসকলক ওলাই অহাত বাধা প্ৰদান কৰে ।

লগতে পঢ়ক: ইলেক্ট’ৰেল বণ্ডযোগে সৰ্বাধিক পুঁজি লাভ বিজেপিৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.