ETV Bharat / politics

ইলেক্ট’ৰেল বণ্ডযোগে সৰ্বাধিক পুঁজি লাভ বিজেপিৰ !

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:29 PM IST

Etv Bharat
Etv Bharat

Electoral Bonds Scheme: ইলেক্ট’ৰেল বণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাইছে তৃণমূল কংগ্ৰেছে ৷ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰে এই সন্দৰ্ভত ৷

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী : ইলেক্ট’ৰেল বণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানৰ সন্দৰ্ভত শুকুৰবাৰে অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সভাপতি সভাপতি ৰিপুণ বৰাই সংবাদমেল সম্বোধন কৰে । সংবাদমেলত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ নেতৃত্বত ৫ জনীয়া বিচাৰকৰ বিচাৰপীঠে বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা ‘ইলেক্ট’ৰেল বণ্ড’ সন্দৰ্ভত যি ঐতিহাসিক ৰায়দান কৰিলে সেই ৰায়দানক অসম তৃণমূল কংগ্ৰেছে আদৰণি জনায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই সন্দৰ্ভত সভাপতি ৰিপুণ বৰাই কয় যে বিজেপি চৰকাৰে বিগত সময়ছোৱাত এই ‘ইলেক্ট’ৰেল বণ্ড’ৰ সহায়ত বিভিন্ন পুঁজিপতি, উদ্যোগপতি, ব্যৱসায়ী আৰু কৰ্পৰেট গোষ্ঠীৰ পৰা ভয়-ভাবুকিৰে যিধৰণে বৃহৎ পৰিমাণৰ দলীয়/নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰি ধনবলৰে নিৰ্বাচনসমূহ জিকিছিল; ই গণতন্ত্ৰৰ প্ৰতি এক ভয়ানক প্ৰত্যাহ্বান ৷

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানযোগে এই ‘ইলেক্ট’ৰেল বণ্ড’ বে-আইনী আৰু ইয়াক নিষিদ্ধ কৰি যি আদেশ জাৰি কৰিলে ইয়াৰ ফলত বিজেপিৰ আমোলত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা গণতন্ত্ৰ কিছু পৰিমাণে হ’লেও সুৰক্ষিত হ’ব মন্তব্য কৰে ৰিপুণ বৰাই ৷

২০১৭ চনত তদানীন্তন বিজেপি চৰকাৰৰ বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলীয়ে ‘Money Bill’ৰ অধীনত এই ইলেক্ট’ৰেল বণ্ড সংসদত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ সুযোগ লৈ গ্ৰহণ কৰাটো স্পষ্ট হ’ল বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পৰা এই কথা স্পষ্ট হ’ল যে বিজেপি চৰকাৰে উক্ত আইন কোনো দেশৰ স্বাৰ্থত প্ৰণয়ন কৰা নাছিল, একমাত্ৰ তেওঁলোকৰ নিৰ্বাচনী পুঁজি শক্তিশালী কৰাৰ স্বাৰ্থতহে ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদ ভংগ কৰি এই আইন প্ৰণয়ন কৰিছিল ৷

আনকি ইলেক্ট’ৰেল বণ্ড সন্দৰ্ভীয় আইন গৃহীত হোৱাৰ পিচত ২০১৭ চনত ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই মোদী চৰকাৰক এই আইনৰ মাধ্যমেৰে বহু ব্যৱসায়িক গোষ্ঠীয়ে মাণি লণ্ডাৰিঙৰ দৰে আইনবিৰোধী কাম কৰিবলৈ সুযোগ পাব ৷ কিন্তু দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতাৰ শ্ল’গান দিয়া আৰু ‘না খাউংগা-না খানে দুংগা’ শ্ল’গান দিয়া বিজেপি চৰকাৰে ৰিজাৰ্ভ বেংকৰ এই সাৱধানবাণীৰ প্ৰতি কোনো কৰ্ণপাত নকৰিলে বুলি মন্তব্য কৰে ৰিপুণ বৰাই ৷

ইয়াৰ লগতে তেখেতে উল্লেখ কৰে যে Association for Democratic Reform (ADR) নামৰ সংস্থাটোৰ তথ্য অনুযায়ী এতিয়ালৈকে ইলেক্ট’ৰেল বণ্ডযোগে বিভিন্ন ৰাজনৈতিক দলক যিমান অনুদান দিছে তাৰ ভিতৰত ৫৪.৮ শতাংশ অৰ্থাৎ ১০,১২২ কোটি টকাৰ পুঁজি একমাত্ৰ বিজেপি দলে লাভ কৰিছে ৷

ইয়াৰ পৰা এইটো স্পষ্ট হ’ল যে বিজেপি চৰকাৰে ভয়-ভাবুকি, বলপূৰ্বকভাৱে আৰু বিভিন্ন ব্যৱসায়িক অনুষ্ঠানসমূহক বেকা পথেৰে উপাৰ্জন কৰিবলৈ সুবিধা দি এনে পৰ্বতসম বৃহৎ পৰিমাণৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিছে ৷ এয়া গণতন্ত্ৰৰ বাবে অতি ভয়াবহ বুলি মন্তব্য কৰে ৰিপুণ বৰাই ৷

বৰাই কয় যে ভাৰতবৰ্ষত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৯০ কোটি ৷ প্ৰতিগৰাকী ভোটাৰৰ নামত বিজেপিৰ সংগৃহীত পুঁজিৰ পৰিমাণ প্ৰায় ১১ লাখ টকা ৷ এনে বৃহৎ পৰিমাণৰ পুঁজি বিজেপিয়ে নিৰ্বাচনত ব্যৱহাৰ কৰা আৰু দৰিদ্ৰ জনসাধাৰণক এই বিপুল ধনবলেৰে লোভিত আৰু প্ৰভাৱান্বিত কৰি নিৰ্বাচন জয়ী হৈ দেশৰ গণতন্ত্ৰক ধ্বংস কৰিবলৈ বিচাৰিছে ।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ে কিয় বাতিল কৰিলে নিৰ্বাচনী বণ্ড আঁচনি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.