প্ৰাৰ্থী তালিকা দিবলৈ কংগ্ৰেছৰ নেতাই নাই: অশোক সিংহল

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 5:34 PM IST

thumbnail

গুৱাহাটী,৪ মাৰ্চ : "কংগ্ৰেছে প্ৰাৰ্থী তালিকা দিবলৈ প্ৰাৰ্থীয়েই বিচাৰি পোৱা নাই । হাৰিব বুলি গম পাইয়ে কংগ্ৰেছৰ প্ৰত্যেকজন নেতাই এতিয়া ঢাল-তৰোৱাল পেলাই নিৰ্বাচন নেখেলো বুলি বহি আছে ।" এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ । বেটকুছিস্থিত ৰয়েল গ্ল'বেল ইউনিভাৰচিটীত এক অনুস্থানত উপস্থিত থাকি সাংবাদিকৰ সন্মুখত এনেদৰে মন্ত্ৰীগৰাকীয়ে বিৰোধী কংগ্ৰেছক কটাক্ষ কৰে ।

ডিব্ৰুগড় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ মাজৰ সম্ভাব্য নিৰ্বাচনী যুঁজ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনত যুঁজ হ'লে ভাল লাগে । একপক্ষীয় হ'লে নিৰ্বাচন ভাল নালাগে । তেওঁৰ মতে বিৰোধীৰ বহু নেতাই তেওঁক কয় বিজেপিয়ে ১২ খন আসন লাভ কৰিব । বিৰোধীয়ে নামমাত্ৰহে নিৰ্বাচন খেলিব । আনহাতে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ অসন্তুষ্টি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে সন্তুষ্টি আৰু অসন্তুষ্টিৰ মাজতেই দল চলি থাকিব লাগিব । কিন্তু দলৰ আদৰ্শ এটাই আৰু সেয়া সকলোৱে মানি চলে । ইফালে অৰুণাচল প্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশত ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত ৫৫ টা সমষ্টিত বিজেপি জয়ী হ'ব ।

লগতে পঢ়ক :সহায় বিচাৰি কংগ্রেছৰ বিপৰীতে বিজেপিলৈ ফোন বিৰোধী ঐক্যৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.