ব্ৰহ্মপুত্ৰ সংগীত মহোৎসৱত গীত পৰিৱেশন আৰমান মালিকৰ

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 12:52 PM IST

thumbnail

ডিব্ৰুগড়, ৫ ফেব্ৰুৱাৰী : ডিব্ৰুগড়ত দেওবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ব্ৰহ্মপুত্ৰ সংগীত মহোৎসৱ ৷ অৱশ্যে এই সংগীত মহোৎসৱৰ আঁৰত আছে বৃহৎ উদ্দেশ্য ৷ আচলতে চাহ জনগোষ্ঠীৰ বিশিষ্ট সংগীত শিল্পী শিৱচৰণ দাস আৰু সুৰেশ দাসৰ পৰিয়ালক আৰ্থিকভাৱে সহায়ৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে ব্ৰহ্মপুত্ৰ সংগীত মহোৎসৱ ।

ডিব্ৰুগড়ৰ মানকটা চাহবাগিচা খেলপথাৰত অনুষ্ঠিত মহোৎসৱত দেওবাৰৰ নিশাৰ অতিথি আছিল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিকে । কণ্ঠশিল্পীগৰাকীয়ে মঞ্চত বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰে ৷ এটাৰ পাচত আনটো হিন্দী গীত পৰিৱেশন কৰি উপস্থিত হাজাৰ হাজাৰ দৰ্শকক মোহিত কৰে আৰমান মালিকে ৷

কেৱল হিন্দী গীতেই নহয়, এটি জনপ্ৰিয় অসমীয়া গীতো পৰিৱেশন কৰে কণ্ঠশিল্পীগৰাকীয়ে ৷ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ চিৰসেউজ গীত ‘মায়াবিনী ৰাতি বুকুত’ গীতটি পৰিৱেশন কৰে আৰমানে ৷ গীতটি আৰম্ভ কৰাৰ পূৰ্বে দৰ্শকৰ উদ্দেশ্য আৰমান কয়,‘‘ এতিয়া মই যিটো গীত পৰিৱেশন কৰিবলৈ গৈ আছোঁ, সেইটো গীত মোৰ হৃদয়ৰ অতি ঘনিষ্ঠ ৷’’

উল্লেখ্য যে দেওবাৰে বিয়লি ডিব্ৰুগড়ত উপস্থিত হোৱা কণ্ঠশিল্পী আৰমান মালিকক অসমৰ বিহু দলৰ সৈতে একেলগে কঁকাল ঘূৰাই বিহু নৃত্য কৰাও দেখা গৈছিল ।

লগতে পঢ়ক: ছবিগৃহলৈ সমকামিতাৰ আধাৰত নিৰ্মিত ছবি 'সত্য The Truth'

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.