ETV Bharat / entertainment

ছবিগৃহলৈ সমকামিতাৰ আধাৰত নিৰ্মিত ছবি 'সত্য The Truth'

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:02 PM IST

New Assamese film: ব্যতিক্ৰমী সোৱাদ লৈ ছবিগৃহলৈ এখন নতুন অসমীয়া ছবি । সামাজৰ এটি সংবেদনশীল বিষয়ক লৈ নিৰ্মাণ কৰা ছবিখনে মুক্তি লাভ কৰিছে অসমৰ প্ৰায় কেইটা ছবিগৃহত । সমকামিতাক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ছবি 'সত্য The Truth' এতিয়া আপোনাৰ কাষৰ ছবিগৃহত ।

New Assamese film Satya The Truth to cinema halls
ছবিগৃহলৈ সমকামিতাৰ আধাৰত নিৰ্মিত ছবি 'সত্য The Truth'
ছবিগৃহলৈ সমকামিতাৰ আধাৰত নিৰ্মিত ছবি 'সত্য The Truth'

গুৱাহাটী,২ ফ্ৰেব্ৰুৱাৰী: আজি ছবিগৃহলৈ এখন ব্যতিক্ৰমী নতুন অসমীয়া ছবি 'সত্য The Truth' । সমকামিতাক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন মুক্তি দিয়া হয় অসমৰ প্ৰায়কেইটা ছবিগৃহত । চিটি প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ আৰু পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰৰ । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু নৱাগত অভিনেতা ৰাকেশ বৰুৱাই ।

তদুপৰি ছবিখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা উদয়ন দুৱৰাই কয় যে এখন অতি সংবেদনশীল আৰু ব্যতিক্ৰমী ছবি সুন্দৰকৈ দৰ্শকৰ মাজলৈ আগবঢ়োৱা হৈছে । সমকামিতাৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, "আশাকৰো ছবি খন ৰাইজে আঁকোৱালি ল'ব । ৰাইজে যিমানে চাব সিমানেই দীঘলীয়া যাত্ৰা আমি অব্যাহত ৰাখিম ।"

ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী ডৰথী ভৰদ্বাজে কয়,"মই বৰ্তমানলৈ যি কেইখন ছবি কৰিছো আটাইকেইখন ছবিতে মই নামভূমিকাত অভিনয় কৰি আহিছো । এইবাৰ এইটোৱে মোৰ প্ৰত্যহ্বান যে এই কাহিনীত মুখ্য চৰিত্ৰত আমাৰ দুজন ল'ৰা আৰু তেওঁলোকৰ যি ঘটনা তাত মই তেওঁলোকক কেনেদৰে সহায় কৰিব পাৰো সেয়া মোৰ ভূমিকা আছিল । মোৰ চৰিত্ৰটো এগৰাকী টেট শিক্ষয়িত্ৰীৰ ।"

ইফালে সামগ্রিক পৰিকল্পনাৰে ছবিখন নিৰ্মাণ কৰা চিত্ৰনাট্যকাৰ চন্দন তালুকদাৰে ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি কয়,"ছবিখনৰ কাহিনী ব্যতিক্ৰম । আজিৰ সমাজত চলি থকা এটা কাহিনীক লৈ ছবিখন নিৰ্মান কৰা হৈছে । ছবিখন পৰিয়ালৰ সকলোৰে লগতে উপভোগ কৰিব পৰা এখন ছবি । আশাকৰোঁ ৰাইজে ছবিখন চাই ভাল পাব ।"

উল্লেখযোগ্য যে ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই । গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনাকংকন ভূঞাৰ । কন্ঠদান কৰিছে জুবিন গাৰ্গ , অৰুন্ধতি ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই । নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই । ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: শীঘ্ৰেই ৰামোজী ফিল্ম চিটিত দৃশ্যগ্ৰহণ হ’ব অসমীয়া ছবি ৰুদ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.