ETV Bharat / entertainment

শীঘ্ৰেই ৰামোজী ফিল্ম চিটিত দৃশ্যগ্ৰহণ হ’ব অসমীয়া ছবি ৰুদ্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 8:18 PM IST

Updated : Feb 1, 2024, 11:01 PM IST

Audition forms for new Assamese film Rudra are open now
নতুন ছবি ৰুদ্ৰত অভিনয়ৰ বাবে অডিশ্যন ফৰ্ম মুকলি

New Assamese film Rudra: শ্যাম প্ৰডাকশ্যনৰ বেনাৰত আহি আছে নতুন অসমীয়া ছবি ‘ৰুদ্ৰ’ । ৩১ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয় ছবিখনৰ ল’গ’। লগতে 'ৰুদ্ৰ' ছবিখনত ৰবি শৰ্মাৰ বিপৰীতে অভিনয়ৰ বাবে অডিশ্যনৰ ফৰ্ম মুকলি কৰা হয় ।

নতুন ছবি ৰুদ্ৰত অভিনয়ৰ বাবে অডিশ্যন ফৰ্ম মুকলি

গুৱাহাটী, ১ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ‘শ্ৰী ৰঘুপতি’ ছবিখনৰ জৰিয়তে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছিল জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ এই ছবিখন ২০২৩ বৰ্ষৰ তথা অসমীয়া জগতৰ অন্যতম সফল ছবি বুলি ক’লেও ভুল নহ’ব ৷ এই ছবিখনৰ সফলতাৰ পিচতে এতিয়া শীঘ্ৰেই আহি আছে ৰবি শৰ্মাৰ আন এখন নতুন ছবি । ছবিখনৰ নাম হৈছে ‘ৰুদ্ৰ’ । শ্যাম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া প্ৰথমখন ছবি ‘ৰুদ্ৰ’ পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ । আনহাতে ছবিখনৰ মুখ্য প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম’ৰ ।

অসমৰ আইন-শৃংখলা পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হ’ব ছবিখন । ছবিখনৰ একশ্যন দৃশ্যবোৰ বৰ্তমান হিন্দী বা দক্ষিণৰ চলচ্চিত্ৰৰ সৈতে ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰাৰ হ’ব । ছবিখনত ৰবি শৰ্মাৰ বিপৰীতে দুগৰাকী মুখ্য নায়িকাৰ চৰিত্ৰকে ধৰি আন ১৫টা চৰিত্ৰও থাকিব ৷ যাৰ বাবে সম্প্ৰতি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিল্পীক বাছনি কৰিবলৈ অডিশ্যন আৰম্ভ কৰিব পৰিচালক তথা প্ৰযোজকে ।

ছবিখনত অভিনয়ৰ অডিশ্যনৰ বাবে আননুষ্ঠানিকভাৱে মুকলি কৰা হৈছে গুগল ফৰ্ম । এই চিনেমাখনৰ বাবে অসমৰ চুকে-কোণে থকা বিভিন্ন প্ৰতিভাৱান যুৱক-যুৱতীৰ আবেদন বিচাৰিছে পৰিচালক-প্ৰযোজকে । ছবিখনত অভিনয়ৰে বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীসকলে । প্ৰেছ ক্লাবত ৩১ জানুৱাৰীত এক সংবাদমেলযোগে এই কথা সদৰী কৰে চিনেমাখনৰ পৰিচালক ৰূপক গগৈ আৰু মুখ্য প্ৰযোজক ৰাজেশ কুমাৰ ম’ৰে। এই ফৰ্মৰ জৰিয়তে অডিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব আগ্ৰহী যুৱক-যুৱতীসকলে ।

উল্লেখযোগ্য যে, এই নতুন অসমীয়া ছবিখনত কণ্ঠদান কৰিব হাৰ্টথ্ৰব জুবিন গাৰ্গে । লগতে বলিউডৰ ছবিত ‘এনিমেল’ৰ একশ্যনৰ নিৰ্দেশনা দিয়া এগৰাকী অসমীয়া ব্যক্তিয়ে এই চিনেমাখনত একশ্যন পৰিচালনা কৰিব । ২ কোটি টকা বাজেটেৰে নিৰ্মীয়মান এই চিনেমাখন চলিত বৰ্ষৰ নৱেম্বৰ মাহত মুক্তি দিয়া হ’ব বুলি জানিবলৈ দিয়ে ছবিখনৰ পৰিচালকে । অহা ১০ মে’ৰ পৰা অসমৰ উপৰিও হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক: শ্ৰী ৰঘূপতিৰ বৃহৎ সাফল্যৰ পাছত এইবাৰ ৰবি শৰ্মাৰ ৰুদ্ৰ

Last Updated :Feb 1, 2024, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.