চৰকাৰ বিৰোধী প্ৰতিবাদ : দুলীয়াজানত বিধায়ক তেৰছ গোৱালাৰে আছাৰ তৰ্কযুদ্ধ

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:20 PM IST

thumbnail

মৰাণ, 25 জানুৱাৰী : লোকসভা নিবাৰ্চনৰ বাবে সকলো ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে বিভিন্ন সমস্যাক লৈ সৰৱ হৈ উঠিছে বিভিন্ন দল- সংগঠন ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিও বহুকেইটা সমস্যা সমাধান কৰাত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে একাংশ দল-সংগঠন ৷ ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত কেইবাটাও সমস্যা সমাধানৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে বেনাৰ, প'ষ্টাৰ লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ৷

এই কাৰ্যসূচীৰ অংশস্বৰূপে দুলীয়াজানৰ নাওহলীয়া পঞ্চায়ত চৌহদত চৰকাৰৰ বিৰুদ্ধে প'ষ্টাৰ লগোৱাত সংগঠনটোৰ নেতা-কৰ্মীক বাধা প্ৰদান কৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই ৷ বিধায়ক গৰাকীয়ে ছাত্ৰনেতা, কৰ্মী সকলৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় ৷ প্ৰতিবাদকাৰী সকলে বিধায়ক গৰাকীক বিভিন্ন সমস্যাক লৈ প্ৰশ্ন কৰি শলঠেকত পেলোৱা পৰিলক্ষিত হয় ৷

উল্লেখযোগ্য যে, চাহ জনগোষ্ঠীক জনজাতিৰ পৰিচয় প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা আৰু চাহ বাগিচা অঞ্চলত শিক্ষা আৰু চিকিৎসা সেৱাৰ সু-ব্যৱস্থা কৰাৰ দাবী তুলি আছাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ 

লগতে পঢ়ক : কংগ্ৰেছে যি কৰিলেও লোকসভাত ফলাফল জিৰ’ হ'ব: যোগেন মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.