কংগ্ৰেছে যি কৰিলেও লোকসভাত ফলাফল জিৰ’ হ'ব: যোগেন মহন

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:57 PM IST

thumbnail

মৰাণ, 25 জানুৱাৰী : কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিচতে এতিয়া ইটোৰ পিচত সিটো বিতৰ্কত সোমাই পৰিছে ৰাহুল গান্ধী ৷ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ মহাবিদ্যালয় অনুষ্ঠিত 'নমো নৱভোটদাতা সন্মিলন'ত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছে কাক ন্যায় দিবলৈ গৈ আছে গম পোৱা নাই । কংগ্ৰেছে নিবাৰ্চনৰ পূৰ্বে যি কাৰ্যসূচী লয় সকলো বিফল হয়। কংগ্ৰেছে যি কৰিলেও লোকসভাত ফলাফল জিৰ’ হ'ব। কংগ্ৰেছে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিলেও ৰাইজ কংগ্ৰেছৰ লগত নাই । 

ইফালে ৰাহুল গান্ধীয়ে অসমীয়াৰ স্বাভিমান গামোচাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হোৱা পাচতে গান্ধীক তীব্ৰ গৰিহণা দিয়ে মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক: সৰুসজাইত ক্ৰীড়া প্ৰশিক্ষণ-ৰিহেবিলেটেচন চেণ্টাৰ মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.