অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো অন্যায় হৈছে : জাকিৰ হুছেইন শিকদাৰ - arvind kejriwal arrest

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 6:12 PM IST

thumbnail

বৰপেটা ২২ মাৰ্চ: অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে ফেডাৰেল এজেন্সীৰ দ্বাৰা কোনো বলপূৰ্বক পদক্ষেপৰ পৰা আপৰ ৰাষ্ট্ৰীয় আহ্বায়কক সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিচতে কালি গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক । ইয়াৰ পিচতেই অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক সমালোচনা কৰে।

কেজৰিৱালক আটক কৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে যেতিয়াৰে পৰা বিজেপিয়ে শাসনভাৰ লৈছে তেতিয়াৰে পৰাই মানুহৰ মৌলিক অধিকাৰ কিদৰে খৰ্ব কৰিব পাৰি, দেশৰ গণতন্ত্ৰক নোহোৱা কৰিব পাৰি তাৰ বাবে বিজেপিয়ে সদায় কাম কৰি আছে ৷ বিজেপিয়ে কংগ্ৰেছক ভয় কৰে । ৰাহুল গান্ধীক ভয় কৰে । বিৰোধী মিত্ৰজোঁটক ভয় কৰে বাবে বিৰোধীৰ নেতাসকলৰ বিৰুদ্ধে ইডিৰে ভয় -ভাবুকি প্ৰদান কৰি আহিছে ৷

তেওঁ পুনৰ কয় যে ভয় ভাবুকি দেখুৱালেও জনতাই চাই আছে । দেশৰ জনতাই এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো অন্যায় হৈছে বুলি উল্লেখ কৰি এই গ্ৰেপ্তাৰে গণতন্ত্ৰক ধংস কৰা বুলিও কয় ৷ অনকি পলমে কোনো চৰ্ত নোহোৱাকৈ কেজৰিৱালক মুকলি কৰিবলৈ দাবী জনায় জাকিৰ হুছেইন শিকদাৰে ৷ বিজেপিৰ চৰকাৰৰ যদি সাহস আছে তেনেহ'লে বিৰোধী নেতাসকলক ভয় ভাবুকি নিদিয়াকৈ মুকলি ভাবে নিৰ্বাচন খেলিবলৈ আহবান জনায় জাকিৰ হুছেইন শিকদাৰে ৷

লগতে পঢ়ক:দিল্লীত আপৰ প্ৰতিবাদ; কেইবাগৰাকী মন্ত্ৰীসহ দলীয় নেতাক আটক আৰক্ষীৰ - Arvind Kejriwal Arrested

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.