কৰিমগঞ্জত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা - Bhupen Bora in Karimganj
🎬 Watch Now: Feature Video

Published : February 2, 2024 at 10:18 PM IST
কৰিমগঞ্জ, 2 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ বৰাকৰ তিনিখন জিলাৰ সাংগঠনিক কাম-কাজ পৰীক্ষা কৰিবলৈ বৰাকত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ সভাপতিগৰাকীয়ে কৰিমগঞ্জ জিলাত উপস্থিত হোৱাৰ পিচতে তেওঁক দলীয় কৰ্মীসকলে উষ্ম আদৰণি জনায় ৷ কৰ্মীসকলৰ সৈতে বৰাই মত বিনিময় কৰাৰ লগতে কাম-কাজৰ বুজ লয় ৷
এই ভ্ৰমণ মূলতঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে বৰাকৰ তিনিখন জিলা কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰৰ সাংগঠনিক কাম-কাজ পৰীক্ষা কৰিবলৈ কৰা হৈছে ৷ সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত ৰাহুল গান্ধীৰ ভাৰত জো়ড়ো ন্যায় যাত্ৰাৰ কথা উল্লেখ কৰি কয় যে, ৰাহুল গান্ধীৰ এই পদযাত্ৰাক কেন্দ্ৰ কৰি অসমৰ ৰাইজে যিদৰে কংগ্ৰেছৰ প্ৰতি উৎসাহ আৰু মৰম দেখুৱাইছে সেয়া আমাৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয় ৷ ৰাইজ আমাৰ লগত আছে ৷
লগতে পঢ়ক: নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অভিৱৰ্তন