ETV Bharat / state

নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অভিৱৰ্তন

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:43 PM IST

All Bodo Students Union : উদুলি মুদুলি মেৰাপানীৰ হিড়িম্বা নগৰ ক্ষেত্ৰ ৷ 2 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মেৰাপানীৰ হিড়িম্বা নগৰত আৰম্ভ হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ 56 সংখ্যক কেন্দ্ৰীয় অভিৱৰ্তন ।

All Bodo Students Union
নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অভিৱৰ্তন
নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অভিৱৰ্তন

গোলাঘাট, 2 ফেব্ৰুৱাৰী : 2 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মেৰাপানীৰ হিড়িম্বা নগৰত আৰম্ভ হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ 56 সংখ্যক কেন্দ্ৰীয় অভিৱৰ্তন । বিভিন্ন জিলাৰ প্ৰতিনিধি, অতিথিক আদৰিবলৈ সাজু হৈছে হিড়িম্বা নগৰ ক্ষেত্ৰ । এই প্ৰতিনিধি সভাত বড়োসকলৰ জাতীয় সমস্যা, শিক্ষা, নাৰী সবলীকৰণ, অৰ্থনৈতিক, সামাজিক বিষয়ে আলোচনা হ’ব ৷

এই অধিৱেশনস্থলীৰ অতিথিশলাৰ মুখ‍্যদ্বাৰ মুকলি কৰে তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে । ইয়াৰ পিচতে হিড়িম্বা নগৰ অধিৱেশনস্থলীৰ মুখ‍্যদ্বাৰ উন্মোচন কৰিব সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।

এই কাৰ্যসূচীৰ ভিতৰত আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা প্ৰেক্ষাগৃহ, প্ৰতিনিধি শিবিৰ, ভোজনালয়, অতিথিশালাৰ লগতে সাংস্কৃতিক আৰু ক্ৰিয়াৰ আদি ক্ষেত্ৰসমূহ মুকলি কৰা হ’ব । এই অধিৱেশনত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷

এই অধিৱেশনৰ কাৰ্যসূচীস্বৰূপে আজিৰ সন্ধিয়াৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক প্ৰতিযোগিতা । উল্লেখ্য যে, এই অভিৱৰ্তনৰ মুকলি সভাত অনাগত দিনসমূহত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

এই অভিৱৰ্তনত অসমৰ 31 খন জিলাৰ এবছুৰ প্ৰতিনিধিসকল উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি, প্ৰায় ডেৰ লক্ষাধিক লোকে এই অধিৱেশনত অংশ লব ৷ এই অধিৱেশনথলীত স্থানীয় ৰাইজৰ উপস্থিতি কামনা কৰি সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে ৷ এই অধিৱেশনে বড়ো জাতিটোক আগবঢ়াত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস‍্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে ৷

লগতে পঢ়ক: ৫৪ সংখ্যক ডিমা হাছাও জিলা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.