ETV Bharat / state

৫৪ সংখ্যক ডিমা হাছাও জিলা দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 3:55 PM IST

Dima Hasao District Day: ৫৪ সংখ্যক ডিমা হাছাও জিলা দিৱস উদযাপন । ১৯৭০ চনৰ আজিৰ দিনটোতে ইউনাইটেড মিকিৰ হিলচৰ পৰা পৃথক হৈ উত্তৰ-কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাছাও জিলা গঠন হৈছিল । ডিমা হাছাও জিলা প্ৰশাসন আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৫৪ সংখ্যক জিলা দিৱস ।

54th Dima Hasao District Day celebration
৫৪ সংখ্যক ডিমা হাছাও জিলা দিৱস উদযাপন
৫৪ সংখ্যক ডিমা হাছাও জিলা দিৱস উদযাপন

হাফলং,২ ফেব্ৰুৱাৰী: ১৯৭০ চনৰ আজিৰ দিনটোতে ইউনাইটেড মিকিৰ হিলচৰ পৰা পৃথক হৈ উত্তৰ-কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাছাও জিলা গঠন হৈছিল । সেয়ে আজি ডিমা হাছাও জিলা প্ৰশাসন আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৫৪ সংখ্যক জিলা দিৱস ।

জিলা দিৱস উপলক্ষে পুৱা ৯ বজাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ চৌহদৰ পৰা এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰি হাফলং জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত সামৰণি মাৰে । এই শোভাযাত্ৰাত উপস্থিত থাকে উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস হাফলঙৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাঁজ পাৰ পৰিধান কৰি সাধাৰণ ৰাইজ আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল ।

ইয়াৰ পিচতে দিনৰ ১১ বজাত হাফলং জিলা ক্ৰীড়া সংন্থাৰ খেল পথাৰত বিভিন্ন চৰকাৰী বিভাগ আৰু এক বিজ্ঞান প্ৰদৰ্শনীৰ উদ্বোধন কৰে উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই আৰু জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে । ইপিনে ৫৪ সংখ্যক জিলা দিৱসলৈ সাংবাদিকৰ সন্মুখত উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাইয়ে কয় প্ৰথমতে কাছাৰ জিলাৰ অধীনত উত্তৰ-কাছাৰ আছিল ম'হকুমা । ইয়াৰ পিছতে সংযুক্ত উত্তৰ-কাছাৰ আৰু মিকিৰ হিলচ জিলা গঠিত হয় ।

তাৰ পিছতে ১৯৭০ চনৰ ২ ফেব্ৰুৱাৰী সংযুক্ত ইউনাইটেড মিকিৰ হিলচৰ পৰা পৃথক হৈ পূৰ্বৰ উত্তৰ-কাছাৰ তথা ডিমা হাছাও জিলা গঠন হৈছিল । মোহিত হোজাইয়ে লগতে কয় জিলা গঠন হোৱাৰ পিচতে প্ৰথমে গঠন হয় উত্তৰ-কাছাৰ পাৰ্বত্য জিলা পৰিষদ ইয়াৰ পিচতে লাহে লাহে জিলা পৰিষদৰ পৰা ১৯৯৫ চনত MoU স্বাক্ষৰিত হোৱাৰ পিছতে উত্তৰ-কাছাৰ জিলা পৰিষদৰ পৰা উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদলৈ উন্নীত হয় আৰু ৰাজ্য চৰকাৰৰ ৩৩ টা বিভাগৰ প্ৰশাসনিক ক্ষমতা উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ হাতত তুলি দিয়া হয় ।

ইমানেই নহয় ২০১২ চনত MoU জৰিয়তে উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদক উন্নীত কৰি ডিমা হাছাও টেৰটৰিয়েল কাউন্সিল কৰাৰ প্ৰস্তাৱ আছে আৰু দুখন জিলা গঠনৰ প্ৰস্তাৱ কাৰ্যকৰী কৰা হয় । মোহিত হোজাইয়ে কয় যে ডিমা হাছাও জিলাত লাহে লাহে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত উন্নয়নৰ দিশত আগ বাঢ়ি গৈছে । তেওঁ দিয়ুংবৰা ম'হকুমা সন্দৰ্ভত কয় দিয়ুংবৰা ম'হকুমা আগন্তুক দিনত কাৰ্যক্ষম হৈ উঠিব লগতে আজিৰ এই দিনটো ডিমা হাছাওবাসীৰ বাবে অতি আনন্দৰ দিন বুলি মন্তব্য় কৰে মোহিত হোজাইয়ে ।

লগতে পঢ়ক: সোণাৰিত গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.