কা বাতিলৰ দাবীত আমগুৰিত তীব্ৰ প্ৰতিবাদ, জি পি সিঙৰ ভূমিকাক সমালোচনা প্ৰতিবাদকাৰীৰ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 2:17 PM IST

thumbnail

আমগুৰি, 4 মাৰ্চ: ৰাজ্যত পুনৰ আৰম্ভ কা বিৰোধী আন্দোলন ৷ নাগৰিকত্ব (সংশোধনী) আইন, 2019 (কা) বাতিলৰ দাবীত আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় যুৱ বাহিনীৰ উদ্যোগত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচীৰ ৷ 'জাতি বিৰোধী কা বাতিল কৰক,' 'কা আমি নামানো,' 'কা গৃহীত কৰিবলৈ দিয়া নহ'ব' আদি শ্ল'গানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷

আমগুৰি নগৰৰ চাৰিআলিত সংগঠনটোৰ অৰ্ধ-শতাধিক প্ৰতিবাদকাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কোনো কাৰণতে কা অসমত বলৱৎ কৰিবলৈ দিয়া নহ'ব বুলি প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ‘কা’ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙকো সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক: পৰীক্ষাৰ্থীৰ বাবে 6 মাৰ্চলৈ আছুৱে স্থগিত ৰাখিলে ‘কা’ বিৰোধী আন্দোলন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.