ETV Bharat / state

পৰীক্ষাৰ্থীৰ বাবে 6 মাৰ্চলৈ আছুৱে স্থগিত ৰাখিলে ‘কা’ বিৰোধী আন্দোলন

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 12:43 PM IST

Updated : Mar 4, 2024, 12:56 PM IST

AASU Postponed its anti CAA agitation for HSLC Examination 2024
পৰীক্ষাৰ্থীৰ বাবে আছুৱে স্থগিত ৰাখিলে ‘কা’ বিৰোধী আন্দোলন

AASU protest against CAA:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আছুৱে স্থগিত ৰাখিলে ‘কা’ বিৰোধী আন্দোলন ৷ 7 মাৰ্চৰ পৰা পুনৰ ৰাজ্যজুৰি আৰম্ভ হ’ব আছুকে ধৰি 30 টাকৈ জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ‘কা’ বিৰোধী আন্দোলনৰ কাৰ্যসূচী ।

নিউজ ডেস্ক, 4 মাৰ্চ: সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সোমবাৰৰে পৰা আৰম্ভ হ’বলগীয়াকা’ বিৰোধী আন্দোলন স্থগিতৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আছুৱে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আছুৱে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ 7 মাৰ্চৰ পৰা পুনৰ ৰাজ্যজুৰি আৰম্ভ হ’ব এই ’কা’ বিৰোধী আন্দোলন ৷ উল্লেখ্য যে, 29 ফেব্ৰুৱাৰীৰ দিনা নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ ৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল আছুকে ধৰি 30 টাকৈ জনগোষ্ঠীয় সংগঠনে ।

29 ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে গুৱাহাটীত আছু আৰু 30 টা জনজাতীয় সংগঠনৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত এই সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি 30 টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে আৰু ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ।

সেই অনুসৰি 4 মাৰ্চ অৰ্থাৎ আজিৰে পৰা ৰাজ্যজুৰি ‘কা’ ৰ বিৰোধিতাৰে বাইক ৰেলীৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আছুসহ সংগঠনকেইটাই । প্ৰতিখন জিলাতে ‘কা’ ৰ বিৰোধিতাৰে এই বাইক ৰেলী কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰিছিল । সেইদৰে ‘কা’ ৰ নিয়মাৱলী বলৱৎ কৰাৰ দিনাই নিয়মাৱলীৰ প্ৰতিলিপি দাহ কৰা হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

আনহাতে ‘কা’ ৰ নিয়মাৱলী বলৱৎ কৰাৰ পিছদিনাই জিলা সদৰত জোঁৰ সমদল উলিওৱা হ’ব বুলিও উল্লেখ কৰিছিল আছুসহ আন সংগঠনকেইটাই । 8 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কৰাৰ সময়ত ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত আঞ্চলিকে প্ৰতি বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদ স্মৰণ কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰা হৈছিল । তদুপৰি 9 মাৰ্চৰ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 12 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

লগতে পঢ়ক: ‘কা’ৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ

Last Updated :Mar 4, 2024, 12:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.