ঐতিহাসিক আজান পীৰ দৰগাহত বাৰ্ষিক অধিৱেশন সম্পন্ন

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 1:05 PM IST

thumbnail

আমগুৰি, ৫ ফেব্ৰুৱাৰী: ঐতিহাসিক আজান পীৰ দৰগাহত উৰুছ আৰু বাৰ্ষিক অধিৱেশন তথা মুকলি সভা কালি সম্পন্ন হয় । দুদিনীয়াকৈ আয়োজিত উৰুচ আৰু বাৰ্ষিক অধিবেশন তথা মুকলি সভাত জাতি ধৰ্ম নিৰ্বিশেষে অগণন ভক্তৰ ভিৰ হয় । দৰগাহ শ্বৰীফ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত উৰুচৰ প্ৰথম দিনটোত হজৰত আজান ফকীৰ ৰচিত জিকিৰ জাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

দৰগাহ শ্বৰীফ পৰিচালনা সমিতিৰ সভাপতি হাৰুণ আল ৰচিদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সত্যকাম বৰঠাকুৰ, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্তকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে হজৰত আজান ফকীৰৰ সৃষ্টৰাজি সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰে । মুকলি সভাত শৰাগুৰিৰ আজান নামৰ স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় । মুকলি সভাৰ শেষত বিশ্ব শান্তিৰ হকে সমূহীয়া দোৱা আদায় কৰা হয় ।

লগতে পঢ়ক:ৰাজ্যপালৰ ভাষণৰ মাজতে উত্তপ্ত বিধানসভা, 45 মিনিটৰ কাৰণে স্থগিত সদন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.