ETV Bharat / state

ৰাজ্যপালৰ ভাষণৰ মাজতে উত্তপ্ত বিধানসভা, 45 মিনিটৰ কাৰণে স্থগিত সদন

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 8:47 AM IST

Updated : Feb 5, 2024, 10:59 AM IST

Assam Assembly budget Session
আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

Assam Assembly budget Session : আজি অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ অধিৱেশনৰ প্ৰথমদিনাই বিৰোধীয়ে উত্তাল কৰিলে সদন ৷ 1 মিনিট ভাষণ দিয়েই সামৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ৷

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ বিধানসভাৰ ঘোষিত কাৰ্যসূচী অনুসৰি আজি অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে চলিব অসম বিধানসভাৰ বাজেট অধিৱেশনখনি । লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি শাসিত অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেটৰ লগতে অধিৱেশনখন বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

কিন্তু অধিৱেশনৰ আৰম্ভণিতে বিৰোধীৰ উত্তাল প্ৰতিবাদত স্থগিত হ’ল সদন ৷ ৰাজ্যপালে সদনৰ কাৰ্যক্ৰমণিকা অনুসৰি আদৰণি ভাষণ প্ৰদান কৰাৰ সময়তে বিৰোধীয়ে উত্তাল কৰিলে সদন ৷ ফলত 1 মিনিট ভাষণ দিয়েই সামৰণি মাৰিলে ৰাজ্য গুলাব চান্দ কাটাৰীয়াই ৷ 45 মিনিটৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷

২৮ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে দিছপুৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ চনৰ ৰাজ্যৰ বাজেট অহা ১২ ফেব্ৰুৱাৰীত বিধানসভাত দাখিল কৰিব ৷

ভাৰতৰ সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ ভাষণেৰে আজি পুৱা ৯.৩০ বজাত আৰম্ভ হৈছে বিধানসভাৰ বাজেট অধিৱেশন ৷ তাৰ পিচতেই অধ্যক্ষই বিধানসভাৰ বাজেট অধিৱেশন, ২০২৪ ৰ বাবে কাৰ্যসূচী পৰামৰ্শদাতা সমিতি, অসম বিধানসভাৰ প্ৰতিবেদন ঘোষণা কৰিব । লগতে অধ্যক্ষই অসম বিধানসভাৰ কাৰ্যবিধি আৰু কাৰ্যসূচী চলোৱাৰ নিয়মৰ ৯ (১) নিয়মৰ অধীনত অধ্যক্ষৰ পেনেল গঠনত অন্তৰ্ভুক্ত কৰা সদস্যসকলৰ নাম ঘোষণা কৰি সদনৰ কাৰ্যসূচী আগবঢ়াই লৈ যাব ৷

আজি সদনত অসম তথ্য আয়োগৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সংসদীয় পৰিক্ৰমা আদি বিভাগৰ অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ চূড়ান্ত সীমা নিৰ্ধাৰণৰ ৰাজ্যিক ৰাজপত্ৰ অধিসূচনা ১১ আগষ্ট, ২০২৩ সদনত দাখিল কৰিব ৷

এই অধিৱেশনত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা কৰা হ’ব । কেইবাখনো গুৰুত্বপূৰ্ণ বিল সদনত উত্থাপন কৰি হ’ব । মাত্ৰ দুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছিল যে এই বিধানসভা অধিৱেশনতে অসম বহুবিবাহ বিৰোধী বিধেয়কখন উত্থাপন কৰা হ’ব । ইয়াৰ উপৰিও নতুন অসম পৰ্যটন (উন্নয়ন আৰু পঞ্জীয়ন) বিধেয়ক, ২০২৪ কে ধৰি আন কেইবাখনো নতুন বিধেয়ক আৰু সংশোধনী বিধেয়ক বাজেট অধিবেশনত উত্থাপন কৰা হ’ব ৷

লগতে পঢ়ক: ভাৰতীয়সকলৰ সুখী জীৱনেই হৈছে বিজেপি চৰকাৰখনৰ মূল লক্ষ্য: প্ৰধানমন্ত্রী

Last Updated :Feb 5, 2024, 10:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.