মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবীত চচলত বিক্ষোভ অংগনবাড়ী কর্মী-সহায়িকাৰ

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 5:58 PM IST

thumbnail

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: অংগনবাড়ী কর্মী-সহায়িকাৰ চাকৰি স্থায়ীকৰণ, দৰমহা বৃদ্ধি, পদোন্নতি আৰু অৱসৰকালীন পেন্সন প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে চচলত অসম অংগনবাড়ী কর্মী-সহায়িকা সন্থাৰ উদ্যোগত ৰূপায়ন কৰে ধৰ্ণা কাৰ্যসূচী ।

অংগনবাড়ী কর্মী-সহায়িকাসকলৰ সেৱাক চাকৰি হিচাপে গণ্য কৰি সকলো কর্মী-সহায়িকাৰ চাকৰি স্থায়ীকৰণ নোহোৱা পর্যন্ত কর্মীসকলৰ মাননি ২১ হেজাৰ টকা আৰু মিনি অংগনবাড়ী কর্মীক সমপৰিমাণৰ মাননি প্ৰদান কৰাৰ লগতে সহায়িকাসকলৰ মাননি ১৮ হেজাৰ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তোলে প্ৰতিবাদীসকলে ।

চৰকাৰৰ নিৰ্দেশমতে চলিত বর্ষ ২০২২ ৰ জুন মাহত যিসকল কর্মী-সহায়িকাই অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ বাবে চৰকাৰে ঘোষণা কৰা পেন্সন কর্মীৰ ৪ লাখ টকা আৰু সহায়িকাসকলৰ ২ লাখ টকা অতিশীঘ্ৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, কর্মী-সহায়িকাৰ চাকৰি স্থায়ী নোহোৱা পর্যন্ত সীমিত বয়সত অৱসৰ বন্ধ কৰা আদি দাবীৰে সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ ।

উল্লেখ্য যে, চলিত বাজেট অধিৱেশনত যদি কর্মী-সহায়িকাসকলৰ মাননি বৃদ্ধি নহয় তেন্তে সপৰিয়ালে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: আদিবাসী অধিকাৰ সম্পৰ্কীয় গণসমাৱেশৰ অনুমতি নিদিয়াৰ বাবে আছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.