ETV Bharat / state

আদিবাসী অধিকাৰ সম্পৰ্কীয় গণসমাৱেশৰ অনুমতি নিদিয়াৰ বাবে আছাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:33 PM IST

AASA protest : "আদিবাসী অধিকাৰ সম্পৰ্কীয় গণসমাৱেশ" অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান নকৰাৰ বাবেই চিৰাঙত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা প্ৰশাসনে চৰকাৰৰ সৈতে মিলি নিষ্পেষিত, নিপীড়িত আদিবাসীসকলৰ প্ৰাপ্য অধিকাৰ বিচাৰি গণতান্ত্ৰিক আন্দোলনক দমনমূলক নীতিৰে মষিমূৰ কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ বুলি দাবী প্ৰতিবাদকাৰীৰ ৷

AASA protest
আছাৰ প্ৰতিবাদ
আছাৰ প্ৰতিবাদ

চিৰাং, 7 ফেব্ৰুৱাৰী : সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত অসমত বসবাস কৰা আদিবাসী সকলৰ দীৰ্ঘদিনৰ মৌলিক দাবীৰে অহা 9 ফেব্ৰুৱাৰী তাৰিখে চিৰাং জিলাৰ চম্পাবজাৰ ৰাজহুৱা পথাৰত গণসমাৱেশ অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে অনুমতি প্ৰদান নকৰাৰ প্ৰতিবাদত বুধবাৰে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ আছাৰ নেতৃত্বসকলে একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চম্পাবজাৰ খেল পথাৰত একত্ৰিত হৈ চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভেৰে গৰজি উঠে প্ৰতিবাদকাৰীসকলে ।

আছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ফিলিমন টুডু, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ৰাজু টিগ্গা, কোকৰাঝাৰ জিলা সভাপতি সোম ছোৰেণ, সম্পাদক ৰোণাল ইক্কা, চিৰাং জিলা সমিতিৰ সভাপতি অনন্তু মুৰ্মু, সম্পাদক ৰাইছেন টুডু সমন্বিতে দুয়োখন জিলাৰ অৰ্ধ শতাধিক আছা কৰ্মীয়ে চম্পাবজাৰ ৰাজহুৱা খেল পথাৰত চৰকাৰে আদিবাসীসকলক দমনমূলক নীতি অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ।

নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ নামত ৰাজনীতি বন্ধ কৰক, নিৰ্বাচনৰ পূৰ্বে মিছা প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, আদিবাসীসকলক দমন নীতি নচলিব, আদিবাসীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা দমনমূলক নীতি বন্ধ কৰক, আছা জিন্দাবাদ, জনজাতিকৰণ আমাক লাগিবই আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

প্ৰতিবাদস্থলীৰ পৰা আছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাজু টিগ্গাই কয় যে, অসমত বসবাস কৰা আদিবাসীসকলক অতিশীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, বিটিআৰ এলেকাৰ বনাঞ্চল আৰু চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰা আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰা আৰু বিভিন্ন সময়ত গোষ্ঠীগত সংঘৰ্ষত নিহত লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া আদি কৰি অন্যান্য দাবী উত্থাপন কৰি অহা 9 ফেব্ৰুৱাৰীত এইখন পথাৰতে "আদিবাসী অধিকাৰ সম্পৰ্কীয় গণসমাৱেশ" অনুষ্ঠিত কৰাৰ বাবে চিৰাং জিলা প্ৰশাসনৰ পৰা অনুমতি বিচাৰি আবেদন কৰা হৈছিল ৷ কিন্তু জিলা প্ৰশাসনে বিভিন্ন অজুহাত দেখুৱাই আছাৰ এই গণসমাৱেশ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান নকৰিলে । চিৰাং জিলা প্ৰশাসনৰ এই কাৰ্যক অতি দুৰ্ভাগ্যজনক আখ্যা প্ৰদান কৰে ছাত্ৰ নেতাজনে ।

এয়া নিষ্পেষিত, নিপীড়িত আদিবাসীসকলৰ প্ৰাপ্য অধিকাৰ বিচাৰি গণতান্ত্ৰিক আন্দোলনক দমনমূলক নীতিৰে মষিমূৰ কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰৰ অংশ বিশেষ বুলি অভিযোগ উত্থাপন কৰে । বিজেপি দলে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ মিছা প্ৰতিশ্ৰুতি দি ভোট আদায় কৰি চৰকাৰ গঠন কৰিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সকলো পাহৰি পেলালে । বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এই প্ৰতাৰণাৰ প্ৰতিবাদ আৰু দমনমূলক নীতিৰ বিৰুদ্ধে আদিবাসী সমাজ যাতে একত্ৰিত হৈ প্ৰতিবাদ কৰিব নোৱাৰে তাৰ বাবেই জিলা প্ৰশাসনে চক্ৰান্ত কৰি অনুমতি প্ৰদান নকৰিলে ।

অসম চৰকাৰে আদিবাসীসকলক যিমানেই দমন কৰিবলৈ চেষ্টা নকৰক কিয় আগন্তুক লোকসভা নিৰ্বাচনত আদিবাসী অধ্যুষিত এলেকাত No ST, No Vote for BJP শ্লোগানেৰে চৰকাৰক প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়নি দিয়ে আছাৰ কেন্দ্ৰীয় সমিতিৰ নেতাসকলে ৷

লগতে পঢ়ক: মাতৃভাষা মাধ্যম বিতৰ্ক: সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী, নলবাৰী, মৰিগাঁৱত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.