চৰকাৰক প্ৰতাৰণাৰ উত্তৰ দিয়াৰ সকীয়নিৰে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ স্থগিত - anganwadi workers helpers protest

🎬 Watch Now: Feature Video

thumbnail
অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 9:58 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৭ মাৰ্চ: মাননি বৃদ্ধিৰ দাবীত চচলত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অহা অংগনৱাড়ী কৰ্মী-সহায়িকাই তেওঁলোকৰ কাৰ্যসূচী আজি দিনৰ ভাগৰ পৰা সাময়িকভাৱে স্থগিত ৰাখিছে । লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা বাবে এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখিছে প্ৰতিবাদকাৰীসকলে । আজি এই বিষয়ে সদৰী কৰিছে অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই ।

সন্থাৰ নেতৃত্বই এই সন্দৰ্ভত কয়, "দিনে-ৰাতিয়ে অবিৰতভাৱে চলাই থকা কৰ্মী-সহায়িকাৰ গণতান্ত্ৰিক আন্দোলনক মহিলা আৰু শিশু কল্যাণ বিভাগীয় মন্ত্ৰালয়ে আলোচনাৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে ।" তেওঁলোকে বিভাগীয় সঞ্চালকালয়ৰ প্ৰস্তাৱৰ বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো উত্তৰ নিদিয়া বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে । প্ৰতিবাদকাৰীসকলে চৰকাৰে কৰা প্ৰতাৰণাৰ উত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত ই ভি এম মেচিনৰ বুটাম টিপি দিয়াৰ সংকল্প গ্ৰহণ কৰে ।

আন্দোলন স্থলীৰ পৰাই ৰাজ্যিক নেতৃবৃন্দই ঘোষণা কৰে যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰী কৰা হেতুকে বৰ্তমান চচলৰ ধৰ্ণা কাৰ্যসূচী ১৭ মাৰ্চৰ পৰা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে যদিও চৰকাৰে দাবী মানি নোলোৱা পৰ্যন্ত কৰ্মী-সহায়িকাৰ অসহযোগ আন্দোলন চলি থাকিব বুলি হুংকাৰ দিয়ে । প্ৰতিবাদকাৰীয়ে লগতে কয় যে লোকসভা নিৰ্বাচন শেষ হোৱাৰ সাত দিনৰ ভিতৰত যদি মাননি বৃদ্ধিৰ বাবে চৰকাৰী ঘোষণা নকৰে তেতিয়াহ'লে অষ্টম দিনটোত দিছপুৰ ঘেৰাও কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লোৱা হ'ব ।

লগতে পঢ়ক:অংগনৱাড়ী কৰ্মীৰ ভোট বর্জনৰ হুংকাৰ, তেজপুৰত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details