অংগনৱাড়ী কৰ্মী-সহায়িকাক ক্ৰমে তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰূপে মানি লোৱাৰ দাবী

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 8:11 PM IST

thumbnail

মৰিগাঁও, 18 মাৰ্চ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজিও চলি আছে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ ৷ মাননি বৃদ্ধিৰ পৰা আৰম্ভ কৰি নিয়মীয়াকৈ মজুৰি দিয়াকে ধৰি বিভিন্ন দাবীৰে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে এক দীৰ্ঘ সময় ধৰি প্ৰতিবাদ কৰি আহিছে ৷ কিন্তু কোনো কাণসাৰ নাই চৰকাৰৰ ৷ সোমবাৰে মৰিগাঁও জিলাত অংগনৱাড়ী কৰ্মী তথা সহায়িকাসকলৰ এখনি যৌথ সভা অনুষ্ঠিত হয় ।

যৌথ সভাত প্ৰতিবাদকাৰীয়ে কয় যে যেতিয়ালৈকে অংগনৱাড়ী কৰ্মী সহায়িকাসকলক ক্ৰমে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰূপে ঘোষণা নকৰে তেতিয়ালৈকে তেওঁলোকৰ এই সংগ্ৰাম অব্যাহত থাকিব । উল্লেখ্য যে, আজিৰে পৰা মৰিগাঁও জিলা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে সকলো ধৰণৰ চৰকাৰী তথা বিভাগৰ কামকাজত অসহযোগ কৰিব । ইয়াৰ বাবে সোমবাৰে মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হয় এক যৌথ সভা ।

এই সভাতে প্ৰস্তাৱ গ্ৰহণ কৰি অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী সহায়িকাসকলে জিলা আয়ুক্ত, জিলা সমাজ কল্যাণ বিষয়া আৰু সকলো প্ৰকল্প বিষয়াক অসহযোগ পত্ৰ প্ৰদান কৰে । মন কৰিবলগীয়া যে সদৌ অসম অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই গুৱাহাটীৰ চচলত অব্যাহত থকা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ পিচত সোমবাৰে এনেদৰে জিলাখনৰ সকলো কৰ্মী-সহায়িকা সমবেত হৈ চৰকাৰক অংগনৱাড়ী কৰ্মী সহায়িকাসকলৰ দাবী মানি লোৱাৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক : অংগনৱাড়ী কৰ্মীৰ ভোট বর্জনৰ হুংকাৰ, তেজপুৰত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.