ধেমাজিত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:05 PM IST

thumbnail

ধেমাজি, 17 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসহযোগ আৰম্ভ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে অংগনৱাড়ী কৰ্মী-সহায়িকাই ৷  

শনিবাৰে দিনৰ 1 বজাত ধেমাজি নগৰস্থিত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাই মাননি বৃদ্ধিৰ প্ৰস্তাৱ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ লগতে অতি শীঘ্ৰে অংগনৱাড়ী কৰ্মী-সহায়িকা সকলৰ দাবী মানি নল’লে প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰি তুলিব বুলিও হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, প্ৰাপ্য বিচাৰি দীৰ্ঘ দিন ধৰি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে ৷ কেইবাটাও দাবীত তেওঁলোকে এই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও এতিয়াও চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক : সোণাৰিত উন্নয়নৰ নমুনা, দলং বুলিবলৈ আছে মামৰে ধৰা কেইডালমান লো
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.