নিজৰ মাজতে ঐক্য নথকা কংগ্ৰেছৰ লগত ঐক্যমঞ্চ অসম্ভৱ: অতুল বৰা

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 8:20 PM IST

thumbnail

বৰপেটা, ১৩ মাৰ্চ: অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে একাধিক অগপ নেতাৰ সৈতে বৰপেটাত উপস্থিত হৈ বুধবাৰে অগপ সভাপতি অতুল বৰা এখন সভাত মিলিত হয় ৷ দলীয় সভাখনত বৰপেটাৰ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীও উপস্থিত থাকে ৷

সভাখনত বৰপেটা লোকসভাৰ অগপৰ আন তিনি প্ৰাৰ্থিত্বপ্ৰত্যাশী কুমাৰ দীপক দাস আৰু দুই প্ৰাক্তন বিধায়ক ক্ৰমে ডাঃ তাৰাপ্ৰসাদ দাস আৰু গুনীন্দ্ৰ নাথ দাসো উপস্থিত থাকে ৷ সভাত অংশ লৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বৰপেটা লোকসভাৰ একত্ৰিত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিজয়ী কৰাৰ বাবে সকলোকে ঐক্যৱদ্ধ হৈ যুঁজিবলৈ আহ্বান জনায় ৷

সাংবাদিকৰ আগত অতুল বৰাৰ মন্তব্য- ‘‘ৰাজ্যত বিজেপি, অগপ আৰু ইউপিপিএলৰ আটাইকেইগৰাকী প্ৰাৰ্থী বিজয়ী হ’ব ৷ কংগ্ৰেছতেই ঐক্য নাই ৷ ঐক্য নোহোৱা দল এটাই যেতিয়া ঐক্যৰ কথা কয়, সেই ঐক্য কেতিয়াও সম্ভৱ নহয় ৷ কংগ্ৰেছৰ তিতা-কেহা অসমৰ ৰাইজৰ লগতে ৰাজনৈতিক দলসমূহেও দেখিছে ৷’’

ইপিনে বৃহস্পতিবাৰে বৰপেটাত জনসভাত অংশগ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাখনত যথেষ্ট সংখ্যক লোকৰ সমাগম হ’ব বুলি আশাবাদী অতুল বৰা ৷

লগতে পঢ়ক: নগাঁৱত প্ৰাক্তন কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ যুঁজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.