ETV Bharat / politics

নগাঁৱত প্ৰাক্তন কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ যুঁজ

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:16 PM IST

Updated : Mar 13, 2024, 7:39 PM IST

Nagaon Lok Sabha constituency
নগাঁও লোকসভা সমষ্টিক লৈ চলিছে চৰ্চা

Lok Sabha election 2024:সত্য প্ৰমাণিত হ’ল ই টি ভি ভাৰতত প্ৰকাশিত বাতৰি । অৱশেষত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বৰদলৈৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিৰ প্ৰাৰ্থী তথা সদ্য কংগ্ৰেছ ত্যাগী সুৰেশ বৰাই । সদ্য প্ৰাক্তন কংগ্ৰেছীৰ বিৰুদ্ধে নগাঁও লোকসভাত হ’ব কংগ্ৰেছৰ মূল যুঁজ ৷ এ আই ইউ ডি এফে আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই যদিও অমিনুল ইছলামেই হ’ব দলটোৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী।

নগাঁও, ১৩ মাৰ্চ: প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পূৰ্বেই ৰাজ্যৰ ভিতৰতে সৰ্বাধিক চর্চা লাভ কৰা সমষ্টিটোৱেই হৈছে নগাঁও লোকসভা সমষ্টি । সমষ্টি পুনৰ নিৰ্ধাৰণত নগাঁও লোকসভা সমষ্টিৰ ভোট বিন্যাস সলনি হৈ পৰাৰ পিচৰ পৰাই নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে । কিন্তু কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ দুগৰাকীকৈ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ আৰু ৰাণা গোস্বামীৰ পদত্যাগৰ পিছত প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব নাইকিয়া কৰি আন এক বিসম্বাদ সৃষ্টি কৰিব বিচৰা নাছিল কংগ্ৰেছৰ এটা শীৰ্ষ মহলে । যাৰ বাবে প্ৰদ্যুৎ বৰদলৈকে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো একপ্ৰকাৰ নিশ্চিত আছিল বুলি বিস্তৃতভাৱে বাতৰি প্ৰকাশ পাইছিল ই টি ভি ভাৰতত । ই টি ভি ভাৰতৰ সেই বাতৰি অৱশেষত সত্য প্ৰমাণিত হ'ল ।

মঙলবাৰে দিল্লীৰ পৰা কংগ্ৰেছ হাইকমাণ্ডে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে নাম অন্তৰ্ভুক্ত হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । গৌৰৱ গগৈৰ বিপৰীতে প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে লগে কিছু হ'লেও বিপাঙত পৰিব বিজেপি প্ৰাৰ্থী সুৰেশ বৰা । কিয়নো সুৰেশ বৰা বিগত তিনিটাকৈ বিধানসভা নিৰ্বাচনত বঢ়মপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটেৰে অৱতীৰ্ণ হৈছিল যদিও তেওঁ তিনিওবাৰ পৰাজিত হৈছিল । কিন্তু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সুৰেশ বৰাই নিৰ্বাচনত অৱতীৰ্ণ হোৱা বঢ়মপুৰ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে কাজিৰঙা লোকসভা সমষ্টিত । এনে ক্ষেত্ৰত নগাঁও লোকসভা সমষ্টিৰ অধীনৰ আন বিধানসভা সমষ্টিসমূহৰ সৈতে বিশেষ কোনো সম্পৰ্ক নাই সুৰেশ বৰাৰ । আনকি নগাঁৱৰ কংগ্ৰেছ দলৰ নেতা কৰ্মীৰ সৈতেহে কিছু সম্পৰ্ক আছে সুৰেশ বৰাৰ ।

ইপিনে, কংগ্ৰেছ দলেও পূৰ্বৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে লগে দলীয় নেতা কৰ্মীসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে । এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছী প্ৰদ্যুৎ বৰদলৈৰ সন্মুখত গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ দিশে প্ৰাক্তন কংগ্ৰেছী তথা বিজেপি প্ৰাৰ্থী সুৰেশ বৰা । আনহাতে, নগাঁও সংখ্যালঘু অধ্যুষিত নগাঁও লোকসভা সমষ্টিৰ বাবে এ আই ইউ ডি এফ দলে এই পৰ্যন্ত অনুষ্ঠানিভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই যদিও ধিং সমষ্টিৰ বিধায়ক অমিনুল ইছলামে সমষ্টিটোত ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । সম্ভৱতঃ নগাঁও লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হ'ব বিধায়ক অমিনুল ইছলামে ।

সেয়েহে নগাঁও লোকসভা সমষ্টিত অতি আকৰ্ষণীয় হ’ব নিৰ্বাচনী যুঁজ । বিশেষকৈ সদ্য প্ৰাক্তন কংগ্ৰেছী তথা বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মাজৰ যুঁজখনেই হ'ব অধিক আকৰ্ষণীয় ।

লগতে পঢ়ক:অসমত কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব ? ৰাজ্যৰ ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা

Last Updated :Mar 13, 2024, 7:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.