বটদ্ৰৱা প্ৰকল্পৰ শিল্প-ভাস্কৰ্যৰ কামত স্থানীয় শিল্পীক বঞ্চিতৰ অভিযোগ - বটদ্ৰৱা থান

🎬 Watch Now: Feature Video

thumbnail
শিল্পীৰ প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : January 30, 2024 at 9:01 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 30 জানুৱাৰী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান বিশেষ প্ৰকল্পত আৰম্ভ হোৱা বিভিন্ন চিত্ৰ-ভাস্কৰ্য নিৰ্মাণৰ ক্ষেত্ৰত নগাঁৱৰ স্থানীয় শিল্পীক বঞ্চিত কৰাৰ অভিযোগ উঠিছে । লক্ষ্যজ্যোতি বৰা নামৰ এজন শিল্পীয়ে উত্থাপন কৰা অভিযোগ মৰ্মে এই প্ৰকল্পটোৰ চিত্ৰ ভাস্কৰ্য নিৰ্মাণৰ বাবে ইতিপূৰ্বে মাজুলীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী হেমচন্দ্ৰ গোস্বামী, চৰকাৰী চাৰু কলা মহাবিদ্যালয়ৰ দুজন প্ৰৱক্তাৰ লগতে নগঞা শিল্পী সকলক লৈ এখন সভা অনুষ্ঠিত কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত নগঞা শিল্পীসকলক বঞ্চিত কৰি নুৰুদ্দিন আহমেদ নামৰ এজন লোকক এই কাম কৰাৰ দায়িত্ব অৰ্পণ কৰা হয় ।

এই প্ৰকল্পৰ দায়িত্বত থকা কৰ্তৃপক্ষই পুৰণা শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ চৌহদত ভাস্কৰ্য নিৰ্মাণ কৰা শিল্পীসকলকো এলাগী কৰে বুলি লক্ষ্যজ্যোতি বৰাই অভিযোগ কৰিছে । তেওঁ কয় যে নগাঁৱৰ ১০ জন শিল্পীৰ এখন তালিকা তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক দিছিল । এই সমগ্ৰ ঘটনাৰ আঁৰত শংকৰদেৱ কলাক্ষেত্ৰৰ সুদৰ্শন ঠাকুৰৰ হাত আছে বুলিও তেওঁ অভিযোগ কৰে ।

উল্লেখ্য যে, বটদ্ৰৱাক আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে ইতিমধ্যে কেইবাশ কোটি টকীয়া প্ৰকল্প গ্ৰহণ কৰিছিল । এই প্ৰকল্পত গুৰু আসনৰ আৰ্হিৰ গৃহ, খোলৰ আৰ্হিৰ গৃহ, জলপান ঘৰ, যাত্ৰী নিবাস আদি থাকিব ৷

লগতে পঢ়ক : কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি নগাঁৱত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details