কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি নগাঁৱত আছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 3:13 PM IST

thumbnail

নগাঁও, 24 জানুৱাৰী: ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমত কৰিবলৈ অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো ছাত্ৰ সন্থা প্ৰতিবাদমুখৰ হৈ পৰিল ।

বুধবাৰে নগাঁও জিলা উপযুক্ত কাৰ্য্যালয়ৰ সমীপত নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী । জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰে ছাত্ৰ সংগঠনটোৱে । তদুপৰি ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমত কৰাৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিলিপিও দাহ কৰে নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেবিনেটৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই । অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী আছু কৰ্মীৰ হতাহতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.