আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী আছু কৰ্মীৰ হতাহতি

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 2:47 PM IST

thumbnail

সৰুপথাৰ, 24 জানুৱাৰী : ৰাজ্যত শিক্ষা বিভাগৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। শিক্ষা বিভাগত সংস্কাৰ কৰাৰ নামত শিক্ষা বিভাগে শেহতীয়াকৈ লোৱা কিছু সিদ্ধান্তৰ পাচতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে পুৱাই গৰজি উঠিল সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা । 

বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মাধ্যম সম্পৰ্কত লোৱা কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিবাদত সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক ছাত্ৰ-কৰ্মীয়ে সৰুপথাৰ নগৰৰ ছহীদ বেদীৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তাৰ মাজতে প্ৰতিবাদথলীত আছু কৰ্মীৰ আৰক্ষীৰ সৈতে হতাহতি হোৱা পৰিলক্ষিত হয় । 

প্ৰতিবাদথলীত আছু কৰ্মীসকলে অসম চৰকাৰ হায় হায়, মাতৃভাষা জীয়াই ৰাখিবই লাগিব ইত্যাদি শ্ল’গানেৰে সৰুপথাৰ নগৰৰ ৰাজপথ কঁপাই তোলে ৷

লগতে পঢ়ক : মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.