মাণিকপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ অভিভাৱকৰ

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:31 AM IST

thumbnail

বঙাইগাঁও, ১১ ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং দুপুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰধান শিক্ষক নবীন কুণ্ডৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে । বিদ্যালয় ছুটীৰ পিচত ছাত্ৰীক কোঠালিত আৱদ্ধ কৰি বিভিন্ন অংশত স্পৰ্শ কৰি পৈশাচিক তৃপ্তি লোৱাৰ অভিযোগ উঠিছে শিক্ষক জনৰ বিৰুদ্ধে । তদুপৰি বিদ্যালয়খনত সীমাহীন দুৰ্নীতি সংঘটিত হৈ থকাৰো অভিযোগ উত্থাপিত হৈছে ।  

উত্থাপিত অভিযোগ মতে, মধ্যাহ্ন ভোজনৰ নামতো চলিছে ব্যাপক খেলিমেলি । বিদ্যালয় গৃহ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলকে । ইপিনে, প্ৰধান শিক্ষকৰ পত্নী একেখন বিদ্যালয়ত ৰান্ধনীৰ চাকৰি কেনেকৈ কৰিব পাৰে তাকলৈও প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱক সকলকে । প্ৰায় বাৰ বছৰ ধৰি পত্নীক ৰান্ধনীৰ চাকৰিত নিয়োজিত কৰি ৰখাত ক্ষুন্ন হৈ পৰিছে অভিভাৱক সকল । ইফালে, প্ৰধান শিক্ষকজনে এই সকলো অভিযোগ মিছা বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:সোণাৰিত ড্ৰাগছ সৰবৰাহকাৰীৰ গৃহ ভাঙিলে ক্ষুব্ধ ৰাইজে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.