লোকসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ হুংকাৰ আছাৰ

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 11:35 AM IST

thumbnail

ডিব্ৰুগড়, 25 জানুৱাৰী :  ‘‘ভোট বৰ্জন নহয় বিজেপিক বৰ্জন কৰিম’’ টিংখাঙত এই হুংকাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ৷ চৰকাৰে প্ৰতিশ্ৰুতি পলন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে টিংখাঙৰ বিভিন্ন স্থানত বিজেপি চৰকাৰৰ বিৰুদ্ধে বেনাৰ, প'ষ্টাৰ আঁৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছাৰ কৰ্মীয়ে ৷

ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে উক্ত কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিছে আছাৰ কৰ্মীয়ে ৷ প্ৰতিবাদকাৰীসকলে কয়, ‘‘ চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি আৰু চাহ বাগিচা অঞ্চলত শিক্ষা আৰু চিকিৎসা সেৱাৰ সু-ব্যৱস্থা কৰাৰ দাবী তুলি আহিছে আছাই ৷ সকলো সমস্যা সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে ৷ কিন্তু একোৱে পদক্ষেপ গ্ৰহণ নকৰিলে বিজেপি চৰকাৰে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে দাবীসমূহ পূৰণ নকৰিলে নিৰ্বাচনত বিজেপিক বৰ্জন কৰাৰ হ’ব’’ ৷

লগতে পঢ়ক : গ্ৰামীণ বিকাশ বেংকৰ ৩৮ কোটিৰ কেলেংকাৰি: প্ৰিয়ংকাৰ সহযোগী দেৱাশীষ গগৈক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.