ETV Bharat / state

গ্ৰামীণ বিকাশ বেংকৰ ৩৮ কোটিৰ কেলেংকাৰি: প্ৰিয়ংকাৰ সহযোগী দেৱাশীষ গগৈক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 8:02 PM IST

Updated : Jan 25, 2024, 9:58 AM IST

Gramin Vikash Bank scam : বিত্তীয় কেলেংকাৰীৰ অপৰাধত চাকৰি হেৰুওৱা বেংক কৰ্মচাৰী প্ৰিয়ংকা বৰাই নিজৰ অপৰাধ লুকুৱাই APSC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিচতেই আৰম্ভ হৈছে বিতৰ্ক ।

Gramin Vikash Bank scam
গ্ৰামীণ বিকাশ বেংকৰ কেলেংকাৰি

গুৱাহাটী, ২৪ জানুৱাৰী : এ পি এছ চিৰ শেহতীয়া ফলাফলত উত্তীৰ্ণ এগৰাকী প্ৰাৰ্থীৰ বিত্তীয় কেলেংকাৰীয়ে জোঁকাৰিছে ৰাজ্য় ৷ অসম গ্ৰামীণ বিকাশ বেংকত ভয়ংকৰ কেলেংকাৰীৰ সৈতে প্ৰিয়ংকা বৰাসহ এটা চক্ৰ জড়িত হোৱা বুলি চৰ্চা অব্য়াহত থকাৰ মাজতে এতিয়া এজন এজনকৈ লাহে লাহে জালত পৰিছে আৰক্ষীৰ ৷ ৩৮ কোটি টকাৰ কেলেংকাৰিত জড়িত প্ৰিয়ংকাৰ সহযোগী বেংকটোৰ এজন প্ৰাক্তন গাণনিক দেৱাশীষ গগৈক বুধবাৰে মাৰাথন জেৰাই চলাই অৱশেষত গ্ৰেপ্তাৰ কৰে অৰ্থনৈতিক অপৰাধ তদন্তকাৰী সংস্থাই ।

উল্লেখ্য় যে ২০১৮-২১ৰ ভিতৰত প্ৰিয়ংকা বৰা, দেৱাশীষ গগৈসহ কেইবাগৰাকীয়ে মিলি প্ৰায় ৩৮ লাখ টকা আত্মসাৎ কৰিছিল । বহুদিন ধৰি লেনদেন নোহোৱা একাউণ্টসমূহ লুণ্ঠনৰ লক্ষ্য কৰি লৈছিল দেৱাশীষ গগৈ আাৰু প্ৰিয়ংকা বৰাহঁতে । এই কেলেংকাৰী প্ৰসংগত ইতিমধ্যেই বেংকটোৱে গোচৰ ৰুজু কৰি কাৰ্যালয় সহায়ক প্ৰিয়ংকা বৰা, গাননিক দেৱাশীষ গগৈসহ কেইবাগৰাকীকো ইতিমধ্যে চাকৰিৰ পৰা বৰ্থাস্ত কৰিছে । উল্লেখ্য যে নিজৰ কেলেংকাৰীৰ সকলো তথ্য লুকুৱাই অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছিল প্ৰিয়ংকা বৰা ৷ তেওঁ এ পি এছ চিৰ ফলাফল তালিকাৰ এচিএছৰ ৩০ সংখ্যক স্থানত বাছনি লাভ কৰিছে ।

প্ৰিয়ংকা আৰু দেৱাশীষৰ বিৰুদ্ধে অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ তদন্তকাৰী কোষ চমুকৈ বি আই ই অ'য়ে গোচৰ তৰি অভিযুক্ত কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিত বিআইইঅ’ই ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০/৪০৬/৪০৯/৪৬৮ ধাৰাত ০৬/২২নম্বৰত এটা গোচৰ ৰুজু কৰিছিল ।

কিন্তু ৩৮ লাখ টকা কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰিযংকাৰ উত্তীৰ্ণ হোৱা তথ্য পোহৰলৈ অহাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ তাৰ পিচতেই অর্থনৈতিক অপৰাধ তদন্তকাৰী সংস্থাই দেৱাশীষ গগৈক গ্ৰেপ্তাৰ কৰা ঘটনাই বিশেষ তৎপৰ্য বহন কৰিছে ৷ দেৱাশীষ গগৈয়ে ধেমাজি, শোণিতপুৰত গাননিক বিষয়াৰূপে থাকোতে এই কেলংকাৰী সংঘটিত কৰিছিল ৷ অপৰাধ অনুসন্ধান তদন্তকাৰী সংস্থাই দেৱাশীষৰ পৰা প্ৰিয়ংকাসহ আনসকলৰ কেলেংকাৰীৰ তথ্য ওলাব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক:নিজৰ গোপন অধ্যায় লুকুৱাই ৰাখি এ চি এছ হ’ল ৩৪ লাখ টকীয়া বেংক জালিয়াতিৰ অভিযুক্ত

Last Updated : Jan 25, 2024, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.