ETV Bharat / state

নিজৰ গোপন অধ্যায় লুকুৱাই ৰাখি এ চি এছ হ’ল ৩৪ লাখ টকীয়া বেংক জালিয়াতিৰ অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 6:04 PM IST

APSC results declared: সদ্যঘোষিত APSC পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যপক উচাহ দেখা গৈছে উত্তীৰ্ণসকলৰ মাজত ৷ কিন্তু এগৰাকী উত্তীৰ্ণৰ বৃত্তান্তই চকু কঁপালত তুলিব আপোনাৰ ৷ বেংক জালিয়াতি কৰি চাকৰি হেৰুওৱা এগৰাকী যুৱতী হ’লগৈ ACS ৷ লুকুৱা ৰাখিলে নিজৰ গোপন অধ্যায় ৷

Bank scam accused
Bank scam accused passed in APSC

গুৱাহাটীৰ, ১৯ জানুৱাৰী: নিজে চাকৰি কৰা বেংকত ৩৪ লাখ টকীয়া কেলেংকাৰি সংঘটিত কৰাৰ অপৰাধত চাকৰি হেৰুৱাব লগা হেৰুৱাইছিল যুৱতীগৰাকীয়ে ৷ কিন্তু এই সকলো তথ্য লুকুৱাই APSC পৰীক্ষাত উত্তীৰ্ণ হৈছে যুৱতীগৰাকী ৷ অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলৰ উচাহৰ মাজতে উত্তীৰ্ণ এইগৰাকী প্ৰাৰ্থীৰ তথ্যই সকলোৰে চকু কপালত তুলিছে । যুৱতী গৰাকীৰ নাম প্ৰিয়ংকা বৰুৱা ।

বিত্তীয় কেলেংকাৰিৰ অপৰাধত চাকৰি হেৰুওৱা বেংক কৰ্মচাৰী প্ৰিয়ংকা বৰুৱাই নিজৰ অপৰাধ লুকুৱাই APSC পৰীক্ষাত উত্তীৰ্ণ হোৱাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে । অসম গ্ৰামীণ বিকাশ বেংকৰ ৩৪ লাখ টকীয়া কেলেংকাৰিৰ গোচৰত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল প্ৰিয়ংকাক । বেংকটোৰ প্ৰাক্তন কৰ্মচাৰীগৰাকীয়ে নিজৰ অপৰাধৰ তথ্য লুকুৱাই ACS পদত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ৷ অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ তদন্তকাৰী কোষ চমুকৈ বি আই ই অ'ত গোচৰ ৰুজু হৈছিল প্ৰিয়ংকাৰ বিৰুদ্ধে ৷

Bank scam accused Priyanka Baruah passed in APSC
বেংকৰ ৩৪ লাখ টকাৰ কেলেংকাৰিত অভিযুক্ত প্ৰিয়ংকা হ’লগৈ এ চি এছ

এইগৰাকী প্ৰিয়ংকা বৰুৱাই সদ্যঘোষিত APSC ৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল তালিকাত ACS ৰ ৩০ সংখ্যক স্থানত বাছনি লাভ কৰিছে । কিন্তু ৩৪ লাখ টকা আত্মসাতৰ গোচৰত অভিযুক্ত যুৱতীগৰাকী কেনেকৈ উত্তীৰ্ণ হ’ল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ৷

অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰ্যালয় সহায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰিয়ংকা বৰুৱাই ৷ ৩৪ লাখ টকাৰ বিত্তীয় কেলেংকাৰিৰ গোচৰত অভিযুক্ত প্ৰিয়ংকাক ইতিমধ্যে বেংকটোৰ কর্তৃপক্ষই চাকৰিৰ পৰা বৰ্খাস্তও কৰিছে । মন কৰিবলগীয়া যে প্ৰিয়ংকা বৰুৱাৰ বিৰুদ্ধে বেংকটোৰ কৰ্তৃপক্ষই বিআইইঅ’ত গোচৰ দাখিল কৰিছিল ৷ অসম গ্ৰামীণ বিকাশ বেংকৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ মহা প্ৰৱন্ধক মনোজ কুমাৰ দাসে ২০২২ চনৰ ৩০ এপ্ৰিলত বিআইঅ'ত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিত বিআইইঅ’ই ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০/৪০৬/৪০৯/৪৬৮ ধাৰাত ০৬/২২নম্বৰত এটা গোচৰ ৰুজু কৰিছিল ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিনো লৈছিল প্ৰিয়ংকাই ৷ গ্ৰামীণ বিকাশ বেংকৰ মৃত এজন গ্ৰাহকৰ একাউণ্টৰ পৰা প্ৰায় ৩৪ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত প্ৰিয়ংকা বৰুৱা ৷ বেংকটোৰ কর্তৃপক্ষই প্ৰথমে নিলম্বন কৰিছিল প্ৰিয়ংকা বৰুৱাক ৷ তাৰ পিছত পৰৱৰ্তী সময়ত চাকৰিৰ পৰা বৰ্খাস্ত কৰে প্ৰিয়ংকাক । নিয়ম অনুসৰি APSC পৰীক্ষাত চৰকাৰী বা ৰাজহুৱা খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে চাকৰি কৰি থাকিলে বিভাগীয় অনুমতি পত্ৰ দাখিল কৰিব লাগে ।

তদুপৰি মূল পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়তো কিবা অপৰাধজনিত গোচৰ পঞ্জীয়ন থাকিলে সবিশেষ উল্লেখ কৰিব লাগে । এই সকলো তথ্য গোপনে ৰাখি পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰিয়ংকাই । এতিয়া মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পুলিচ ভেৰিফিকেচনৰ মাজেদি যাব লাগিব উত্তীৰ্ণ প্ৰাৰ্থীসকল ৷ পুলিচ ভেৰিফিকেচনত প্ৰিয়ংকাৰ এই কেলেংকাৰীৰ লগত জড়িত অধ্যায় আৰক্ষীয়ে গুৰুত্ব সহকাৰে ল’ব বুলি আশা কৰি হৈছে ৷ নিজৰ বিত্তীয় কেলেংকাৰিৰ অপৰাধ লুকুৱাই APSC ত উত্তীৰ্ণ হোৱা অভিযুক্ত প্ৰিয়ংকা বৰুৱাৰ এই কাণ্ডই স্বাভাৱিকতে প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে ।

লগতে পঢ়ক: মন্ত্ৰী যোগেন মহনৰ খুলশালীয়েকৰ চাহ বাগিচা বাজেয়াপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.