যুক্তি সহসকাৰে কংগ্ৰেছ এৰাৰ কাৰণ দৰ্শালে অংকিতাই

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 8:11 PM IST

thumbnail

গুৱাহাটী, 28 জানুৱাৰী : বহু চৰ্চাৰ অন্ত পেলাই দেওবাৰে গেৰুৱা বসন পিন্ধিলে অংকিতা দত্তই । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পীযুষ হাজৰীকা, সভাপতি ভৱেশ কলিতাৰ উপস্থিতি আজি বিজেপিত যোগদান কৰিলে অংকিতাই ৷ মহিলাৰ ন্যায়ৰ কথা কয় কংগ্ৰেছ দলৰ মহিলাকে ন্যায় দিব নোৱাৰা কংগ্ৰেছ নেতাসকলে লাজ পোৱা উচিত বুলি কৈ ক্ষোভ উজাৰি বিজেপিত যোগদানৰ আঁৰৰ কিছু কথা সাংবাদিকৰ আগত কলে অংকিতাই ৷

তেওঁ কয়, ‘‘দেউতাৰ দিনৰ কংগ্ৰেছ বা মহাত্মা গান্ধীৰ মতাদৰ্শৰে চলা দল হৈ থকা নাই কংগ্ৰেছ ৷ এতিয়া কেৱল ৰাহুল গান্ধীৰ ৰাজত্ব । মই বিগত দহ মাহ ধৰি ন্যায়ৰ অপেক্ষাত আছিলো । ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা অসমলৈ আহোতে এজন জেলত থাকি অহা গাঞ্জা বেপাৰীৰ লগত কথা পাতিলে । কিন্তু আমাৰ কোনো কংগ্ৰেছৰ বিষয়ববীয়াৰ লগত কথা নাপাতিলে । সেয়েহে মোৰ আমগুৰি ৰাইজে বিচাৰিছে মই বিজেপিলৈ অহাটো । ৰাইজেটো এতিয়া বিজেপিকে বিচাৰে ৷’’

আনহাতে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দত্তই কয়, ‘‘যিটো গোচৰ ইতিমধ্যে ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে তেনে অৱস্থাত কংগ্ৰেছ দলে মোক কিয় বহিষ্কাৰ কৰিলে ! যি দলে মহিলাক সন্মান দিব নাজানে, আনক কি ন্যায় দিব ?’’

লগতে পঢ়ক : গেৰুৱা টুপী পিন্ধিলে প্ৰাক্তন ছাত্র নেতাৰ লগতে কংগ্ৰেছৰ দুই নেত্রীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.