ETV Bharat / politics

গেৰুৱা টুপী পিন্ধিলে প্ৰাক্তন ছাত্র নেতাৰ লগতে কংগ্ৰেছৰ দুই নেত্রীয়ে - Dipanka Nath

Assam BJP: বাজপেয়ী ভৱনত বৃহৎ যোগদান সমাৰোহ । গেৰুৱা বসন পৰিধান কৰিলে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ নেত্ৰী বিস্মিতা গগৈ আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তই । বিজেপিৰ ছত্ৰছাঁয়ালৈ আহিল আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ, প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, বিত্তীয় সম্পাদক মিলন চন্দ্ৰ ৰায়, প্ৰাক্তন কার্যালয় সম্পাদক ফণী পাঠক, প্ৰাক্তন প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, প্ৰাক্তন কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য গোপাল চন্দ্ৰ দাসকে ধৰি কেইবাজনো নেতা । পুনৰ দললৈ উভতি আহিল অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পালৰ লগতে পাটাছাৰকুছিৰ ফনী পাঠক ।

Assam BJP
বিজেপিত যোগদান প্ৰাক্তন ছাত্ৰনেতাসহ কংগ্ৰেছ নেত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : January 28, 2024 at 7:30 PM IST

Updated : January 28, 2024 at 7:44 PM IST

4 Min Read
বিজেপিত যোগদান প্ৰাক্তন ছাত্ৰনেতাসহ কংগ্ৰেছ নেত্ৰীৰ

গুৱাহাটী, ২৮ জানুৱাৰীঃ অৱশেষত গেৰুৱা হ'ল কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ নেন্ত্ৰী বিস্মিতা গগৈ আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত । দেওবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা বিশাল যোগদান সমাৰোহত অংশগ্ৰহণ কৰি দুয়োগৰাকী নেত্ৰীয়ে আনুষ্ঠানিকভাৱে শাসকীয় দল বিজেপিৰ ছত্ৰছাঁয়ালৈ আহে ।

একেটা অনুষ্ঠানতে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ, প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, বিত্তীয় সম্পাদক মিলন চন্দ্ৰ ৰায়, প্ৰাক্তন কার্যালয় সম্পাদক ফণী পাঠক, প্ৰাক্তন প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, প্ৰাক্তন কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য গোপাল চন্দ্ৰ দাসকে ধৰি আছুৰ কেইবাগৰাকী বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াই বিজেপিত যোগদান কৰে । আনহাতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন ই এম পুৰুষোত্তম দলেও আজি পৰিধান কৰে গেৰুৱা বসন ।

তদুপৰি অসম জাতীয় পৰিষদ আৰু আম আদমি পাৰ্টীকে ধৰি কেইবাটাও ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনৰ বহুসংখ্যক নেতা-কৰ্মী আৰু বিশিষ্ট ব্যক্তিয়ে আজিৰ অনুষ্ঠানতে বিজেপিত যোগদান কৰে । দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক জি ৰবিন্দ্ৰ ৰাজু, বিধায়ক মানৱ ডেকা, দিগন্ত কলিতাৰ উপস্থিতিত এই যোগদান সমাৰোহ অনুষ্ঠিত কৰা হয় ।

বিজেপিত নতুনকৈ যোগদান কৰাসকলক অংগবস্ত্ৰ আৰু দলীয় টুপীৰে দললৈ আদৰণি জনোৱা হয় । নতুনক আদৰাৰ উপলক্ষ্যত আজি কাৰ্যতঃ উখল-মাখল হৈ পৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় । বহু প্ৰভাৱশালী নেতাৰ যোগদান সমাৰোহেৰে আজি মুখৰিত হৈ পৰে বাজপেয়ী ভৱন । ইফালে আজিৰ অনুষ্ঠানতে বিগত বিধানসভা নিৰ্বাচনত টিকট নাপাই দলটোৰ পৰা আঁতৰি যোৱা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পালৰ লগতে পাটাছাৰকুছিৰ ফনী পাঠকে পুনৰ দলটোত যোগদান কৰে ।

নতুনকৈ যোগদান কৰা সকলক দলত আদৰণি জনাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে বৰ্তমান সময়ত উন্নয়নৰ একমাত্ৰ দল হৈছে বিজেপি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল চিন্তাধাৰা আৰু সকলো ক্ষেত্ৰতে কৰা উন্নয়নে দেশৰ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । যাৰ ফলত সকলো দলটোৰ প্ৰতি আকৰ্ষিত হৈছে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দি তেওঁ কয় যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই প্ৰকৃততে কংগ্ৰেছ ত্যাগৰ যাত্ৰা কৰিলে ।

ৰাহুল গান্ধীৰ পৰিয়ালটো সনাতনৰ বাবে শত্ৰু বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে জাত-পাতৰ ৰাজনীতি । কংগ্ৰেছ দল দেশক লৈ চিন্তিত নহয় । নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰিব লাগে বুলি সদৰী কৰি তেওঁ সকলোকে ইয়াৰ বাবে কাম কৰাৰ আহ্বান জনায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে জাতিৰ সুৰক্ষাৰ বাবে কাম কৰিছে । যাৰ বাবে আজি সকলো বিজেপিলৈ আহিছে । বিজেপিত হিন্দু-মুছলমানৰ কথা নাই, ইয়াত জাত-পাতৰ ৰাজনীতি নাই বুলি সদৰী কৰি তেওঁ কয় যে আমি অন্যতকৈ বেলেগ । আমি নেতৃত্বক মানি চলো । কাৰ্যকৰ্তা আমাৰ মূল ।

তেওঁ লগতে কয় যে অংকিতা দত্তক ৰাহুল গান্ধীয়ে দিব নোৱাৰা ন্যায় হিমন্ত বিশ্ব শৰ্মাই দিব । নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ'বই বুলি সদৰী কৰি তেওঁ কয় যে এতিয়া মাথো আনুষ্ঠানিকতাহে বাকী আছে । ইফালে বিজেপিত যোগদান কৰিয়েই বিস্মিতা গগৈ, অংকিতা দত্তই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলায় ।

সেইদৰে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ আৰু প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে বিজেপিৰ প্ৰতি নিজৰ অনুগত্য স্বীকাৰ কৰে । অনুষ্ঠানত বিজেপিৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত আছিল ।

লগতে পঢ়ক: কংগ্ৰেছী আৰু প্ৰাক্তন ছাত্ৰ নেতাৰে বিজেপিৰ আজি বৃহৎ যোগদান সমাৰোহ

Last Updated : January 28, 2024 at 7:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.