ETV Bharat / state

কংগ্ৰেছী আৰু প্ৰাক্তন ছাত্ৰ নেতাৰে বিজেপিৰ আজি বৃহৎ যোগদান সমাৰোহ - BJP Joining program

BJP Joining program :বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ভৱেশ কলিতাৰ উপস্থিতিত যোগদান সমাৰোহ । গেৰুৱা বসন পৰিধান কৰিব আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথৰ লগতে আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, বিত্তীয় সম্পাদক মিলন চন্দ্ৰ ৰায়, প্ৰাক্তন কার্যালয় সম্পাদক ফণী পাঠক, প্ৰাক্তন প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, প্ৰাক্তন কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য গোপাল চন্দ্ৰ দাসে । গেৰুৱা হ'ব বিস্মিতা গগৈ আৰু অংকিতা দত্ত ।

BJP Joining program
বিজেপিৰ বৃহৎ যোগদান সমাৰোহ
author img

By ETV Bharat Assamese Team

Published : January 28, 2024 at 1:26 PM IST

Updated : January 28, 2024 at 2:19 PM IST

3 Min Read

গুৱাহাটী, ২৮ জানুৱাৰী : বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আজি (দেওবাৰ) বিয়লি যোগদানৰ এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আয়োজন কৰা এই বৃহৎ অনুষ্ঠানত কংগ্ৰেছ নেতাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো প্ৰাক্তন নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ।

এই যোগদান সমাৰোহত আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ লগতে কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, কংগ্ৰেছৰ পৰা বহিস্কৃত নেত্ৰী অংকিতা দত্তৰ লগতে ভালেকেইগৰাকীয়ে গেৰুৱা বসন পৰিধান কৰি বিজেপিত যোগদান কৰিব ।

লক্ষণীয় বিষয় যে কা আন্দোলনৰ সময়চোৱাত উদাত্ত প্ৰতিবাদী কণ্ঠ হৈ গৰজি উঠিছিল আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে । সেই আন্দোলনৰ অন্যতম প্ৰতিবাদী কণ্ঠস্বৰূপ নেতাগৰাকীয়েও এতিয়া যোগ দিব ৰাষ্ট্ৰীয় দল বিজেপিত । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কা-ৰ বিৰোধিতা কৰা নেতাজনে বিজেপিত যোগদান কৰাৰ লগে লগে বিজেপিৰ নীতি-আদৰ্শ মানি কা-ৰ সমৰ্থন কৰাৰ গত্যন্তৰ নাই ।

জানিব পৰা মতে, আজি আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথৰ লগতে আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, বিত্তীয় সম্পাদক মিলন চন্দ্ৰ ৰায়, প্ৰাক্তন কার্যালয় সম্পাদক ফণী পাঠক, প্ৰাক্তন প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, প্ৰাক্তন কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য গোপাল চন্দ্ৰ দাসে বিজেপিত যোগদান কৰিব । ইফালে আছু এৰি কেতিয়াবাই কংগ্ৰেছী হোৱা শংকৰ প্ৰসাদ ৰায়েও অচিৰেই যোগ দিব বিজেপিত ।

লগতে পঢ়ক : অসম তথা ভাৰতৰ সকলো ভাল মানুহ বিজেপিত থকাটো প্ৰয়োজন : ৰামেশ্বৰ তেলী

লক্ষণীয় বিষয় যে, শংকৰ প্ৰসাদ ৰায়ৰ লগতে একেলগে আছু কৰা আৰু আছু ত্যাগ কৰা তপন গগৈয়ে বিজেপিত যোগদান কৰিছিল । বৰ্তমান তপন গগৈ বিজেপিৰ সাংসদ । কংগ্ৰেছত কোনো ধৰণৰ ভৱিষ্যত নেদেখি শংকৰ প্ৰসাদ ৰায়েও শাসকীয় দলটোৰ শৰনাপন্ন হ'বলৈ গৈ আছে ।

আনহাতে, আম আদমি পাৰ্টীৰ প্ৰাক্তন উপ-সভাপতি কমল কুমাৰ মেধি, হেমন্ত কুমাৰ দাসেও বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে । ইফালে আজি প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা যোৱা দুটাকৈ বিধানসভাৰ নিৰ্বাচনত আমগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বর্তমান কংগ্ৰেছৰ পৰা বহিষ্কৃত হৈ থকা অংকিতা দত্তয়ো যোগ দিব বিজেপিত ৷

চৰ্চা অনুদৰি সাৰদা গোচৰৰ পৰা হাত সাৰিবলৈকে অংকিতা দত্তই বিজেপিত যোগ দিব । সেইদৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব । শনিবাৰে কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিছে ।

বিস্মিতা গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদকে ধৰি সকলো দায়িত্ব ত্যাগ কৰি পদত্যাগ পত্ৰ জমা দিছে । ইফালে কংগ্ৰেছ ত্যাগ কৰা জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্য সাজু হৈছে অগপত যোগদান কৰাৰ বাবে । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দল বাগৰা ৰাজনীতি তথা বিভিন্ন নেতাৰ সক্ৰিয় ৰাজনীতিলৈ অহাৰ ধুম উঠিছে । ইয়াৰ ফলত বিশেষভাৱে লোকচানৰ সন্মুখীন হৈছে কংগ্ৰেছ দল ।

লগতে পঢ়ক : Bismita Gogoi: পদুমৰ প্ৰেমত পৰি হাতক বাই বাই বিস্মিতা গগৈৰ

Last Updated : January 28, 2024 at 2:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.