অসম তথা ভাৰতৰ সকলো ভাল মানুহ বিজেপিত থকাটো প্ৰয়োজন : ৰামেশ্বৰ তেলী

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 12:17 PM IST

thumbnail

ডিব্ৰুগড়, 28 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে শাসক দল বিজেপিত যোগদান কৰা ঢৌ আৰম্ভ হৈছে । আজিৰ দিনটোত যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তকে ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দিপাংক কুমাৰ নাথে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব । বিজেপিৰ এই যোগদান কাৰ্যসূচীক লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসম আৰু ভাৰতবৰ্ষৰ সকলো ভাল মানুহ ভাৰতীয় জনতা পাৰ্টীত থকাটো প্ৰয়োজন । কংগ্ৰেছ দল এতিয়া মাৰ যোৱা সূৰ্যৰ দৰে ৷ কংগ্ৰেছত দলত থাকি একো লাভ নহয় এতিয়া । সেয়ে ভাল মানুহ আহি ভাৰতীয় জনতা পাৰ্টী শক্তিশালী কৰাটো বিচাৰো’’ ।

আনহাতে, আছুৰ প্ৰাক্তন সভাপতি দিপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰিবলৈ লোৱাত আদৰণি জনাই ৰামেশ্বৰ তেলীয়ে কয়, ‘‘দিপাংক কুমাৰ নাথে এই সিদ্ধান্ত বহু আগতেই ল'ব লাগিছিল’’ ।

লগতে পঢ়ক : Bismita Gogoi: পদুমৰ প্ৰেমত পৰি হাতক বাই বাই বিস্মিতা গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.