মুখ্যমন্ত্ৰীৰ পৰা ফোনকল ৰেকৰ্ড বিচাৰি অখিল গগৈৰ প্ৰত্যাহ্বান - Akhil Gogoi

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:54 PM IST

thumbnail

শিৱসাগৰ, 17 এপ্ৰিল: শিৱসাগৰত মুখ্যমন্ত্ৰীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গগৈয়ে । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কৈছিল যে অখিল গগৈয়ে সদায় ৰাতি 11 বজাত তেওঁলৈ ফোন কৰে ৷

মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিলে গগৈয়ে প্ৰমাণ বিচাৰে বুধবাৰে ৷ যদিহে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই প্ৰমাণ দিব পাৰে তেন্তে অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰিব বুলি মন্তব্য কৰে ৷ আনহাতে যদিহে ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ দিব নোৱাৰে তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰা প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে ৷

শিৱদৌলৰ সন্মুখতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গোকাট মিছা কথা কৈ গ'ল বুলি মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ পৰা ফোনকল ৰেকৰ্ড বিচাৰিও প্ৰত্যাহ্বান জনালে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: কোন কোন কংগ্ৰেছ নেতাই যোগাযোগ কৰিছে বিজেপিৰ সৈতে ? ক’লে ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.