ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত কলঘৰত নোলোৱাটো অসমৰ জাতীয় অৰ্থনীতিৰ প্ৰতি আক্ৰমণ : লুৰীণজ্যোতি গগৈ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:51 PM IST

thumbnail

ডিব্ৰুগড়, 1 এপ্ৰিল : ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা এপ্ৰিলৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ ৷ সোমবাৰে ডিব্ৰুগড়ৰ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাট সত্ৰত সেৱা লৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অজাপৰ সভাপতিজনে ৷  

তেওঁ কয় যে, ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত কলঘৰত নোলোৱাটো এক ভয়ানক সিদ্ধান্ত ৷ এইয়া অসমৰ জাতীয় অৰ্থনীতিৰ প্ৰতি আক্ৰমণ ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমৰ চাহ শিল্পৰ অন্যতম খনিকৰ ৷ এক তৃতীয়াংশ চাহ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে ৷ এনে প্ৰেক্ষাপটত জাতিটোৰ অৰ্থনীতিৰ ভেটি ভাঙিবৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷  

উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ভোটাৰক আকৰ্ষণ কৰিবলৈ কৰিবলৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰিছে প্ৰচাৰ ৷ সমষ্টিটোত দিনে-নিশাই ব্যাপক প্ৰচাৰ অভিযান চলাইছে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷  

আজি ডিব্ৰুগড়ৰ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাট সত্ৰত সেৱা লৈ আশীৰ্বাদ ল'লে লুৰীণজ্যোতি গগৈয়ে ৷ লগতে মদাৰখাট সত্ৰত উপস্থিত থকা ৰাইজৰ সৈতে মত বিনিময় কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক : ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা এপ্ৰিলৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তৰ বিৰোধিতা - Protest Of Small Tea Planters

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.