জখলাবন্ধা আৰক্ষী নিৱেশৰ লক্আপত অভিযুক্তৰ আত্মহত্যা - accused suicide in jakhalabandha - ACCUSED SUICIDE IN JAKHALABANDHA
🎬 Watch Now: Feature Video

Published : March 26, 2024 at 2:27 PM IST
কলিয়াবৰ, ২৬ মাৰ্চ: নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । জখলাবন্ধা আৰক্ষী নিৱেশৰ লক্আপত ৰাজু নাথ নামৰ এজন অভিযুক্তই আত্মহত্যা কৰাৰ পিচতেই সৃষ্টি হৈছে ৰহস্য়ৰ । লক্আপতে মৃত্যু হোৱা অভিযুক্ত ৰাজু নাথৰ ঘৰ গুৱাহাটীৰ পাণ্ডুত । আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অভিযুক্তই আত্মহত্যা কৰা ঘটনাৰ বিষয়ে সদৰী কৰিছে ।
উল্লেখ্য় যে শুক্ৰবাৰে এন এল ০১ এএ ৬২১৩ মেঘালয়ৰ পৰা চামগুৰিলৈ আনি থকা চিমেন্টভৰ্তি ট্ৰাকৰ চালকক হত্যা কৰি বাহনখন হাইজেক কৰাৰ অভিযোগত জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজু নাথক। এদিন পূৰ্বে সমগ্ৰ ঘটনা নিজে কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ পাচতে আজি পুৱাৰ ভাগত লক্আপতেই চিপ লৈ আত্মহত্যা কৰে ৰাজু নাথে । ইয়াৰ পিচতেই জখলাবন্ধা আৰক্ষী নিৱেশত উপস্থিত হৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয় যে অপৰাধ অনুসন্ধান শাখা আৰু ফ'ৰেনছিকৰ দলে যাৱতীয় কাৰ্য সম্পাদনৰ পিচতেই তদন্ত আৰম্ভ হ'ব ।
লগতে পঢ়ক:যোৰহাটৰ ভোগদৈ নদীৰ পাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ - Drug Addicted Youth